
নতুন দিল্লী, ০৭ নৱেম্বৰ (হি.স.)। যোগাযোগ মন্ত্ৰালয়ৰ অধীনস্থ টেলিকমিউনিকেচন ইঞ্জিনিয়াৰিং চেণ্টাৰে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই টি) বম্বেৰ সৈতে দেশত ৬জি, কৃত্ৰিম বুদ্ধিমত্তা (এ আই), উপগ্ৰহ যোগাযোগ, সংকেত প্ৰট’কল, আৰু পৰৱৰ্তী প্ৰজন্মৰ নেটৱৰ্ক প্ৰযুক্তিৰ ওপৰত কাম কৰিবলৈ চুক্তিবদ্ধ হৈছে। দুয়োটা প্ৰতিষ্ঠানে যৌথভাৱে ৬জি নেটৱৰ্ক, এআই ভিত্তিক দূৰসংযোগ ব্যৱস্থা, সুলভ মূল্যৰ উপগ্ৰহ সংযোগ, আৰু স্মাৰ্ট নেটৱৰ্কৰ দৰে প্ৰযুক্তিৰ ওপৰত গৱেষণা কৰিব। ইয়াৰ দ্বাৰা দেশৰ প্ৰয়োজন অনুসৰি মানদণ্ড আৰু পৰীক্ষণৰ কাঠামো গঢ়ি তোলা হ’ব।
যোগাযোগ মন্ত্ৰালয়ে উল্লেখ কৰে যে ইয়াৰ দ্বাৰা আইটিইউ আৰু থ্ৰীজিপিপিৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্ৰামাণিককৰণ সংস্থাসমূহত ভাৰতৰ ভূমিকা আৰু অধিক শক্তিশালী হ’ব। ইয়াৰ উপৰিও দেশত টেলিকমিউনিকেচন সঁজুলিৰ থলুৱা ডিজাইন আৰু নিৰ্মাণক প্ৰসাৰিত কৰি বিদেশী প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব।
টিইচি হৈছে যোগাযোগ মন্ত্ৰালয়ৰ দূৰসংযোগ বিভাগৰ কাৰিকৰী সংস্থা আৰু ই দেশৰ দূৰসংযোগ সঁজুলি আৰু নেটৱৰ্কৰ বাবে মানদণ্ড নিৰ্ধাৰণ কৰে। ইফালে, আই আই টি বম্বে হৈছে দেশৰ এক আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠান, যিয়ে ৫জি-৬জি, এআই, আৰু নেটৱৰ্ক চিগনেলিঙৰ দৰে উন্নত প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে।
শুকুৰবাৰে আই আই টি বম্বেত এই চুক্তি স্বাক্ষৰিত হয়। টি ই চিৰ উপ সঞ্চালক প্ৰধান অমিত কুমাৰ শ্ৰীবাস্তৱ আৰু আই আই টি বম্বেৰ গৱেষণা আৰু উন্নয়নৰ ডীন অধ্যাপক শচীন পাটৱৰ্ধনে এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। এই উপলক্ষ্যত টি ই চিৰ জ্যেষ্ঠ বিষয়া চৈয়দ তৌছিফ আব্বাছ আৰু জিতেন্দ্ৰ বি চাভানৰ লগতে আই আই টি বম্বেৰ অধ্যাপক প্ৰসন্ন এছ চাপৰকাৰো উপস্থিত থাকে।
हिन्दुस्थान समाचार / অৰৱিন্দ