বিক্ৰান্ত জেটলীক সকলো সম্ভাৱ্য সাহায্য প্ৰদান কৰা হৈছেঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়
নতুন দিল্লী, ০৭ নৱেম্বৰ (হি.স.)। শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ত বন্দী হৈ থকা ভাৰতীয় সেনাৰ প্ৰাক্তন মেজৰ বিক্ৰান্ত জেটলীক ভাৰত চৰকাৰে সকলো প্ৰয়োজনীয় আৰু সম্ভৱপৰ সহায় আগবঢ়াইছে। উল্লেখযোগ্য
मेजर विक्रांत जेटली


নতুন দিল্লী, ০৭ নৱেম্বৰ (হি.স.)। শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ত বন্দী হৈ থকা ভাৰতীয় সেনাৰ প্ৰাক্তন মেজৰ বিক্ৰান্ত জেটলীক ভাৰত চৰকাৰে সকলো প্ৰয়োজনীয় আৰু সম্ভৱপৰ সহায় আগবঢ়াইছে।

উল্লেখযোগ্য যে ভাৰতীয় সেনাৰ প্ৰাক্তন বিষয়া মেজৰ বিক্ৰান্ত জেটলী হৈছে চলচ্চিত্ৰ অভিনেত্ৰী চেলিনা জেটলীৰ ভাতৃ। সেনাবাহিনীৰ পৰা অৱসৰ লোৱাৰ পিছত ২০১৬ চনৰ পৰা আবুধাবিৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল। ২০২৪ চনত কোনো নিৰ্দিষ্ট কাৰণ নোহোৱাকৈ হঠাতে তেওঁক আটক কৰি ৰখা হৈছিল। প্ৰথম অৱস্থাত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কাৰণ বুলি উল্লেখ কৰা হৈছিল যদিও আজিলৈকে কোনো সুনিৰ্দিষ্ট তথ্য আগবঢ়োৱা হোৱা নাই। শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়েও বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিছে, আৰু চেলিনা জেটলীয়েও ছ’চিয়েল মিডিয়াৰ জৰিয়তে এক মাৰ্মান্তিক আবেদন জনাইছিল।

শুকুৰবাৰে সাপ্তাহিক প্ৰেছ ব্রিফিঙত এক প্রশ্নৰ উত্তৰত বৈদেশিক মন্ত্র্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে আবুধাবিত বন্দী হৈ থকা মেজৰ বিক্রান্তৰ সৈতে আমি কূনৈতিক সুবিধা প্ৰদান কৰিছো আৰু আমাৰ কূটনীতিবিদসকলে তেওঁৰ সৈতে চাৰিবাৰ সাক্ষাৎ কৰিছে ৷ আমাৰ দূতাবাসে তেওঁক সকলো ধৰণৰ সহায় আগবঢ়াইছে আৰু তেওঁৰ পত্নীকে ধৰি পৰিয়ালৰ সৈতে যোগাযোগত আছে। দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি আমাৰ দূতাবাসেও সকলো ধৰণৰ সহায় আগবঢ়াইছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande