
মৰিগাঁও, ০৭ নৱেম্বৰ (হি.স.)। ৰাজ্যত অব্যাহত জুবিন গাৰ্গৰ সপোনৰ ছবি 'ৰৈ ৰৈ বিনালে'ৰ ধুমুহা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিনেমা হলত ইতিমধ্যে আৰম্ভ হৈছে ছবিখনৰ দৰ্শনী। আজি জাগীৰোডৰ গণেশ টকীজত পুৱাৰে পৰা আৰম্ভ হৈছে দৰ্শনী।
দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ছবিগৃহটো পুনৰ খোল খালে জুবিন গাৰ্গৰ চিনেমাৰ যোগেৰে। ইয়াকে লৈ দৰ্শকৰ মাজত দেখা গ'ল ব্যাপক উচাহ। পুৱা ১১ বজাত আৰম্ভ হোৱা প্ৰথমটো দৰ্শনীৰ বাবে দেখিবলৈ পোৱা গ'ল ব্যাপক ভীৰ।
অনলাইন টিকটৰ ব্যৱস্থা এই পৰ্যন্ত নোহোৱাত পুৱাৰে পৰা চলচ্চিত্ৰপ্ৰেমীয়ে শাৰী পাতিলে চিত্ৰগৃহৰ টিকট ঘৰৰ সন্মুখত। দৈনিক চাৰিটাকৈ দৰ্শনী চলোৱা হ'ব জাগীৰোডৰ গণেশ টকীজত।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু