
নতুন দিল্লী, ০৭ নৱেম্বৰ (হি.স.)। আইন আৰু ন্যায়ৰ ক্ষেত্ৰত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবে ভাৰত আৰু ব্ৰিটেইনৰ মাজত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। এই সন্দৰ্ভত শুকুৰবাৰে নতুন দিল্লীৰ শাস্ত্ৰী ভৱনত ব্ৰিটেইনৰ ন্যায় মন্ত্ৰালয়ৰ এটা প্ৰতিনিধি দলে ভাৰত চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰালয়ৰ বিধান বিভাগৰ সচিবক সাক্ষাৎ কৰে।
কেন্দ্ৰীয় আইন মন্ত্ৰালয়ৰ মতে, বৈঠকত আইন প্ৰণয়ন, সহজ জীৱন পদক্ষেপ, অচল আইন নিৰ্মূল, ন্যায়াধিকৰণ ব্যৱস্থা, লিংগ ন্যায়, দুয়োখন দেশৰ বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আদি বিষয়সমূহ সামৰি লোৱা হৈছিল। বৈঠকত দুয়োপক্ষই ভাৰত আৰু ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি ৰূপায়ণৰ সৈতে জড়িত দিশসমূহৰ ওপৰতো আলোচনা কৰে।
প্ৰতিনিধি দলটোত আছিল আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীৰ মুৰব্বী ডেভিদ মেয়াৰ, আন্তঃৰাষ্ট্ৰীয় আইনী শাসনৰ মুৰব্বী ক্ৰীষ্টিনা ছ’পাৰ, আইনী সেৱাৰ জ্যেষ্ঠ নীতি উপদেষ্টা পল স্কট আৰু আন্তঃৰাষ্ট্ৰীয় সংযোগৰ জ্যেষ্ঠ নীতি উপদেষ্টা বাৰ্বৰা চিণ্ডাৰোভা। তেওঁলোকৰ সৈতে ব্ৰিটিছ হাইকমিচনৰ বিষয়াসকলো উপস্থিত আছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ