জাগীৰোডত থকা টাটা ইলেক্ট্ৰনিকছৰ অ’এছএটি প্ৰকল্পৰ স্থান পৰিদৰ্শন বিত্তমন্ত্ৰী  নিৰ্মলা সীতাৰমণৰ
‘এণ্টাৰপ্ৰাইজ অসম – বিকশিত ভাৰত @২০৪৭’ শ্লোগানৰ অধীনত অসমৰ উদ্যোগী আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে বিত্তমন্ত্ৰীয়ে কৰিলে মত বিনিময় অসমে বিকাশৰ এক সোণালী মুহূৰ্তৰ সাক্ষী হৈ আছে, যুৱ প্ৰজন্মক আগুৱাই যাবলৈ, প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আৰু নিজা উদ্যোগ আৰম্ভ কৰিব
জাগীৰোডত থকা টাটা ইলেক্ট্ৰনিকছৰ অ’এছএটি প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰিলে বিত্তমন্ত্ৰী  নিৰ্মলা সীতাৰমণে


‘এণ্টাৰপ্ৰাইজ অসম – বিকশিত ভাৰত @২০৪৭’ শ্লোগানৰ অধীনত অসমৰ উদ্যোগী আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে বিত্তমন্ত্ৰীয়ে কৰিলে মত বিনিময়

অসমে বিকাশৰ এক সোণালী মুহূৰ্তৰ সাক্ষী হৈ আছে, যুৱ প্ৰজন্মক আগুৱাই যাবলৈ, প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আৰু নিজা উদ্যোগ আৰম্ভ কৰিবলৈ আহ্বান জনাইছো: নিৰ্মলা সীতাৰমণ

গুৱাহাটী, ০৭ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি মৰিগাঁও জিলাৰ জাগীৰোডত টাটা ইলেক্ট্ৰনিকছৰ আউটচ’ৰ্চড ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট (অ’এছএটি) প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰে । এয়া হৈছে এক সুদূৰপ্ৰসাৰী পদক্ষেপ যিয়ে উত্তৰ-পূবত ভাৰতৰ প্ৰথমটো অৰ্ধপৰিবাহী প্ৰকল্প আৰু পৰীক্ষণৰ সুবিধা নিশ্চিত কৰিব ।

অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে বিত্তমন্ত্রীগৰাকীয়ে প্রকল্পটো পৰিদৰ্শন কৰি বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে। আলোচনা কালত বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ অগ্রগতিৰ বিষয়ে পর্যালোচনা কৰে৷ ইয়াৰ পিছতে তেওঁ 'এণ্টাৰপ্ৰাইজ অসম - বিকশিত ভাৰত ২০৪৭' শীৰ্ষক এক আলোচনাত অংশগ্ৰহণ কৰে, য’ত ৰাজ্যখনৰ ২০০ৰো অধিক ছাত্ৰ-ছাত্ৰী, ষ্টাৰ্ট-আপ, আৰু উদ্যোগী উপস্থিত থাকে । সভাত ভাষণ দি তেওঁ অসমৰ উদীয়মান ঔদ্যোগিক আৰু উদ্ভাৱনৰ পৰিৱেশত যুৱক-যুৱতীসকলৰ বাবে সম্প্ৰসাৰিত হোৱা সুযোগসমূহৰ বিষয়ত আলোকপাত কৰে।

‘বৰ্তমানৰ সময়ে অপৰিসীম সুযোগ আগবঢ়াইছে।এটা ঔদ্যোগিক গোট প্ৰতিষ্ঠা হ’লেই কেইবাটাও আনুসংগিক উদ্যোগৰ উত্থান হোৱাৰ সম্ভাৱনা থাকে, যাৰ ফলত যুৱক-যুৱতীসকলৰ বাবে অধিক কৰ্মসংস্থাপনৰ পথ সৃষ্টি হৈছে।অসম বিকাশৰ এক সোণালী মুহূৰ্তৰ সাক্ষী হৈ আছে, মই যুৱক-যুৱতীসকলক আগুৱাই যাবলৈ, প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আৰু নিজাকৈ উদ্যোগ আৰম্ভ কৰিবলৈ আহ্বান জনাইছো।

শ্ৰীমতী সীতাৰমণে কয় যে ঔদ্যোগিক নীতিত দূৰদৰ্শিতা আৰু গতিশীলতা প্ৰদৰ্শন কৰি অসমে ৰাজ্যখনলৈ লৈ অৰ্ধপৰিবাহী নিৰ্মাণ গোট অনাত আগভাগ লৈছে।

মাত্ৰ দহ দিন পূৰ্বে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গৱেষণা আৰু উন্নয়নৰ বাবে ১ লাখ কোটি টকাৰ পুঁজি আৰম্ভ কৰিছিল। এই পুঁজি কেৱল চৰকাৰী প্ৰতিষ্ঠানৰ বাবেই নহয়, উদ্ভাৱন আৰু গৱেষণাক প্ৰসাৰিত কৰাৰ বাবে সমগ্ৰ দেশৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ বাবেও এয়া সুলভ কৰি তোলা হৈছে ।

বিত্তমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে এনে পদক্ষেপে উদ্ভাৱন, ঔদ্যোগীকৰণ আৰু নিয়োগৰ এক পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিব, অসমক ‘বিকশিত ভাৰত @২০৪৭’ৰ দৃষ্টিভংগীৰ দিশে আগুৱাই নিব।

অসমৰ মাননীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু শংকৰদেৱ বিদ্যা নিকেতন, চৰাইবহী, মৰিগাঁৱৰ ছাত্র-ছাত্রীসকলৰ সৈতে শ্ৰীমতী নির্মলা সীতাৰমণেও ৰাষ্ট্ৰীয় গীতৰ ১৫০ বছৰ উদযাপন কৰাৰ সময়ত বন্দে মাতৰমৰ গণ স্বাক্ষৰত অভিযানত অংশগ্রহণ কৰে ৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande