
বেংগালুৰু, ০৭ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী ডা০ মোহন ভাগৱতে শুকুৰবাৰে বেংগালুৰু-মহসুৰ পথৰ ঐতিহাসিক শ্ৰীগলী অঞ্জনেয় স্বামী মন্দিৰ পৰিদৰ্শন কৰে। তেওঁ দেৱতাক বিশেষ প্ৰাৰ্থনা কৰাৰ লগতে দেশ আৰু সমাজৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰে। এই উপলক্ষে নিখিল ভাৰত সংগঠনৰ মুৰব্বী মংগেশ বেণ্ডে আৰু জিলা প্ৰচাৰক ভাৰত কুমাৰো উপস্থিত থাকে।
শেহতীয়াকৈ ২ অক্টোবৰ বিজয়দশমীত আৰ এছ এছে শতবাৰ্ষিকী উদযাপন কৰে। শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে সংঘই দেশজুৰি বিজয়দশমী উদযাপন, যুৱ সন্মিলন, ঘৰে ঘৰে প্ৰচাৰ, হিন্দু সন্মিলন, সামাজিক সম্প্ৰীতি সন্মিলন, বিশিষ্ট নাগৰিকসকলৰ বাবে আলোচনা চক্ৰ আদিকে ধৰি কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰে।
এনে পৰিপ্ৰেক্ষিতত সংঘৰ শতবাৰ্ষিকী কাৰ্যসূচীৰ অংশ হিচাপে ৮ আৰু ৯ নৱেম্বৰত বেংগালুৰুত ধাৰাবাহিকভাৱে বক্তৃতাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ডা° মোহন ভাগৱতে বক্তৃতা প্ৰদান কৰিব। এই প্ৰেক্ষাপটতে তেওঁ বেংগালুৰুত উপস্থিত হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ