তামুলপুৰত বন্দে মাতৰমৰ ১৫০ বছৰ পূৰ্তি উদযাপন
তামুলপুৰ, ০ ৭ নৱেম্বৰ (হি.স.)। তামুলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয় প্ৰাংগণত আজি দেশভক্তি আৰু গৰ্বৰ এক বিশেষ পৰিৱেশত উদযাপন কৰা হয় ‘বন্দে মাতৰম্‌’ শীৰ্ষক জাতীয় সংগীতটোৰ ১৫০ বছৰ পূৰ্তি। বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচনা ‘বন্দে মাতৰম্‌’ গীতটোৱে ভাৰতীয় স্বাধী
তামুলপুৰত বন্দে মাতৰমৰ ১৫০ বছৰ পূৰ্তি উদযাপন।


তামুলপুৰত বন্দে মাতৰমৰ ১৫০ বছৰ পূৰ্তি উদযাপন।


তামুলপুৰ, ০ ৭ নৱেম্বৰ (হি.স.)। তামুলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয় প্ৰাংগণত আজি দেশভক্তি আৰু গৰ্বৰ এক বিশেষ পৰিৱেশত উদযাপন কৰা হয় ‘বন্দে মাতৰম্‌’ শীৰ্ষক জাতীয় সংগীতটোৰ ১৫০ বছৰ পূৰ্তি। বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচনা ‘বন্দে মাতৰম্‌’ গীতটোৱে ভাৰতীয় স্বাধীনতা আন্দোলনৰে পৰা এক অমলিন স্থান দখল কৰি আহিছে। তাৰ পৰিপ্ৰেক্ষিতত দেশজুৰি কৰা উদযাপনৰ অংশ হিচাপে তামুলপুৰ জিলা প্ৰশাসনেও আয়োজন কৰে সমূহীয়া পৰিৱেশন অনুষ্ঠান।

সকলো অংশগ্ৰহণকাৰীয়ে একেলগে ‘বন্দে মাতৰম্‌’ গীত গাই দেশপ্ৰেমৰ চেতনাৰে সমৃদ্ধ এক পৰিৱেশৰ সৃষ্টি কৰে। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে নিজৰ ভাষণত গীতটোৰ প্ৰতিটো শব্দ‌ই, শব্দ চয়নেই আমাক সকলোকে দেশপ্ৰেমমূলক ভাৱে উদ্বুদ্ধ কৰে বুলি কৈ পুনৰ উল্লেখ কৰে, গীতটো অকল পৰিৱেশন কৰিলেই নহ'ব, গীতটোৰ অৰ্থ বুজিব লাগিব, গীতটোৰ বেকগ্ৰাউণ্ড বুজিব লাগিব আৰু সদিচ্ছাৰে সকলো কাটি কৰি থৈ দেশপ্ৰেমক অগ্ৰাধিকাৰ দি আমি সমস্বৰে এখন প্লেটফৰ্মত থিয় হোৱাটো অতি দৰকাৰী।

অংশগ্ৰহণকাৰী সকলে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বন্দে মাতৰম্ৰ ১৫০ বছৰ পূৰ্তি সন্দৰ্ভত দিয়া ভাৰ্চুৱেল ভাষণ উপভোগ কৰে। আনহাতে মুকালমুৱাৰ ১৪ নং এপিবিএনৰ বেণ্ডটোৱেও বন্দে মাতৰম্ গীতটো পৰিৱেশন কৰে। ইয়াৰ লগে লগে ‘'বন্দে মাতৰম্‌ ১৫০’' শীৰ্ষক এই উদ্যোগে নতুন প্ৰজন্মক দেশপ্ৰেম, ঐক্য আৰু সাংস্কৃতিক ঐতিহ্যৰ মূল্য উপলব্ধি কৰাত সহায় হ’ব বুলি সকলোৱে আশা প্ৰকাশ কৰে।

আজিৰ অনুষ্ঠানত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক টাবুৰাম পেগুৰ উপৰি অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক, সাংস্কৃতিক কৰ্মী, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া সকল উপস্থিত আছিল বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande