মন্ত্ৰী পীয়ূষ হাজৰিকাৰ উপস্থিতিত জাগীৰোডত বন্দে মাতৰমৰ ১৫০ সংখ্যক বৰ্ষপূৰ্তি উদযাপন
মৰিগাঁৱ, ০৭ নৱেম্বৰ (হি.স.)। বংকিমচন্দ্ৰ চট্টোপাধ্যায় ৰচিত ''বন্দে মাতৰম'' ৰ ১৫০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে সমগ্ৰ দেশতে আজি সমূহীয়া ভাৱে পৰিৱেশন কৰা হয় বন্দে মাতৰম গীতটো । জাগীৰোডতো সমূহীয়া ভাৱে পৰিৱেশন কৰে বন্দে মাতৰম । এই অনুষ্ঠানত উপস্থিত থ
জাগীৰোডত বন্দে মাতৰমৰ ১৫০ সংখ্যক বৰ্ষপূৰ্তি উদযাপন,,


জাগীৰোডত বন্দে মাতৰমৰ ১৫০ সংখ্যক বৰ্ষপূৰ্তি উদযাপন,,


মৰিগাঁৱ, ০৭ নৱেম্বৰ (হি.স.)। বংকিমচন্দ্ৰ চট্টোপাধ্যায় ৰচিত 'বন্দে মাতৰম' ৰ ১৫০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে সমগ্ৰ দেশতে আজি সমূহীয়া ভাৱে পৰিৱেশন কৰা হয় বন্দে মাতৰম গীতটো । জাগীৰোডতো সমূহীয়া ভাৱে পৰিৱেশন কৰে বন্দে মাতৰম । এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ , মন্ত্ৰী পীয়ূষ হাজৰিকা,মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ , মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেৱাৰীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তি সকল ।অনুষ্ঠানত অঞ্চলটোৰ ৰাইজে ব্যাপক সহাৰি প্ৰদান কৰে।

জাগীৰোড বহুমুখী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত জাগীৰোডৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ পুৱাৰ পৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল প্ৰেক্ষাগৃহত উপস্থিত হয়। অনুষ্ঠানটোত 'বন্দে মাতৰম' গীতটো পৰিবেশন কৰি ছাত্ৰ ছাত্ৰী সকলে সন্তোষ প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande