২০২৫ চনৰ এম এল এছ শ্ৰেষ্ঠ একাদশ দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত লিয়নেল মেছি
নতুন দিল্লী, ০৬ নৱেম্বৰ (হি.স.)। ফুটবল ছুপাৰষ্টাৰ লিয়নেল মেছিক এই ছিজনৰ মেজৰ লীগ ছকাৰ (এম এল এছ) শ্ৰেষ্ঠ একাদশ দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে। এই তালিকাত ৯টা ভিন্ন ক্লাবৰ খেলুৱৈ অন্তৰ্ভুক্ত কৰা হৈছে। ইণ্টাৰ মিয়ামিৰ আৰ্জেণ্টিনাৰ ফৰৱাৰ্ডগৰাকীয
लियोनेल मेसी


নতুন দিল্লী, ০৬ নৱেম্বৰ (হি.স.)। ফুটবল ছুপাৰষ্টাৰ লিয়নেল মেছিক এই ছিজনৰ মেজৰ লীগ ছকাৰ (এম এল এছ) শ্ৰেষ্ঠ একাদশ দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে। এই তালিকাত ৯টা ভিন্ন ক্লাবৰ খেলুৱৈ অন্তৰ্ভুক্ত কৰা হৈছে।

ইণ্টাৰ মিয়ামিৰ আৰ্জেণ্টিনাৰ ফৰৱাৰ্ডগৰাকীয়ে এই ছিজনত ২৯টা গ’ল আৰু ১৯টা এছিষ্ট দি মুঠ ৪৮টা গ’ল দিছে—২০১৯ চনত কাৰ্লোছ ভেলাই ৪৯টা এছিষ্টৰ অভিলেখৰ পৰা মাত্ৰ এটা গ’ল কম।এতিয়া মেছিয়ে লীগৰ ইতিহাসত একেৰাহে দুবাৰকৈ এমভিপি বঁটা লাভ কৰা প্ৰথমজন খেলুৱৈ হোৱাৰ পথত আগবাঢ়িছে।

বুধবাৰে এম এল এছে ঘোষণা কৰা এই তালিকাত সাতখন দেশৰ খেলুৱৈৰ নাম সন্নিবিষ্ট কৰা হৈছে, ইয়াৰে ছয়গৰাকীয়ে প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ একাদশত স্থান লাভ কৰিছে।

এই তালিকাত দুজনকৈ খেলুৱৈ থকা একমাত্ৰ দুটা দল হৈছে ফিলাডেলফিয়া ইউনিয়ন (জেকব গ্লেছনেছ আৰু কাই ৱেগনাৰ) আৰু ভেংকুৱাৰ হোৱাইটকেপছ (ট্ৰিষ্টান ব্লেকমন আৰু চেবাষ্টিয়ান বেৰহালটাৰ)।

বছৰি সংবাদ মাধ্যম, এম এল এছ খেলুৱৈ, আৰু ক্লাবৰ কাৰিকৰী কৰ্মচাৰীৰ ভোটৰ জৰিয়তে শ্ৰেষ্ঠ একাদশ নিৰ্বাচিত কৰা হয়।

২০২৫ চনৰ এম এল এছ শ্ৰেষ্ঠ একাদশ দল

গ’লৰক্ষক: ডেন ছেইণ্ট ক্লেয়াৰ (মিনেছ’টা ইউনাইটেড এফ চি)। ডিফেণ্ডাৰ : ট্ৰিষ্টান ব্লেকমন (ভেংকুভাৰ হোৱাইটকেপছ), এলেক্স ফ্ৰীমেন (অৰলেণ্ডো চিটি), জেকব গ্লেছনেছ (ফিলাডেলফিয়া ইউনিয়ন), কাই ৱেগনাৰ (ফিলাডেলফিয়া ইউনিয়ন)। মিডফিল্ডাৰ: চেবাষ্টিয়ান বেৰহালটাৰ (ভেংকুভাৰ হোৱাইটকেপছ), ইভাণ্ডাৰ (এফ চি চিনচিনাটি), ক্রিষ্টিয়ান ৰ’লডান (ছিয়াটল চাউণ্ডাৰছ)। ফৰৱাৰ্ড: ডেনিছ বৌয়াংগা (এল এ এফ চি), এণ্ডাৰছ ড্ৰেয়াৰ (ছান ডিয়েগো এফ চি), লিয়নেল মেছি (অধিনায়ক) (ইণ্টাৰ মিয়ামি চি এফ)।

हिन्दुस्थान समाचार


 rajesh pande