প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে দূতাবাসত আশ্ৰয় লোৱাৰ পিছতে মেক্সিকোৰ সৈতে পেৰুৰ কূটনৈতিক সম্পৰ্ক ভংগ
লিমা, ০৪ নৱেম্বৰ (হি.স.)। পেৰুৱে সোমবাৰে মেক্সিকোৰ সৈতে কূটনৈতিক সম্পৰ্ক ভংগ কৰাৰ সিদ্ধান্ত লয়। পেৰুৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেট্ ছি চাভেজে মেক্সিকান দূতাবাসত আশ্ৰয় লোৱাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে। চাভেজে প্ৰাক্তন ৰাষ্ট্ৰপতি পেড্ৰ’ কাষ্টিলোৰ
पेरू की पूर्व प्रधानमंत्री बेटसी चावेज


লিমা, ০৪ নৱেম্বৰ (হি.স.)। পেৰুৱে সোমবাৰে মেক্সিকোৰ সৈতে কূটনৈতিক সম্পৰ্ক ভংগ কৰাৰ সিদ্ধান্ত লয়। পেৰুৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেট্ ছি চাভেজে মেক্সিকান দূতাবাসত আশ্ৰয় লোৱাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।

চাভেজে প্ৰাক্তন ৰাষ্ট্ৰপতি পেড্ৰ’ কাষ্টিলোৰ চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

পেৰুৰ বৈদেশিক মন্ত্ৰী হুগো ডি জেলাই ইয়াত সাংবাদিকৰ আগত কয় যে, “পেৰুৰ কৰ্তৃপক্ষই সোমবাৰে জানিব পাৰিলে যে চাভেজে মেক্সিকান দূতাবাসত আত্মগোপন কৰি আছে।” তেওঁ কয় যে এই শত্ৰুতাপূৰ্ণ কাৰ্য্যৰ প্ৰতি সঁহাৰি জনাই, আৰু মেক্সিক’ৰ বৰ্তমান আৰু প্ৰাক্তন ৰাষ্ট্ৰপতিসকলে পেৰুৰ আভ্যন্তৰীণ বিষয়ত বাৰে বাৰে হস্তক্ষেপ কৰাৰ পোহৰত পেৰু চৰকাৰে মেক্সিকোৰ সৈতে কূটনৈতিক সম্পৰ্ক ভংগ কৰাৰ সিদ্ধান্ত লৈছে।

এতিয়ালৈকে কোনো সবিশেষ প্ৰকাশ কৰা হোৱা নাই।

২০২২ চনৰ শেষৰ ফালে ৰাষ্ট্ৰপতি কাষ্টিলোৱে সংসদ ভংগ কৰাৰ চেষ্টাত তেওঁৰ ভূমিকা লোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ বাবে চাভেজে অপৰাধমূলক অভিযোগৰ সন্মুখীন হৈছে।কাষ্টিলোক আঁতৰাই দিয়া হয় আৰু তেওঁ এতিয়াও গৃহবন্দী হৈ আছে। ২০২৩ চনৰ জুন মাহৰ পৰাও চাভেজ কাৰাগাৰত আছিল যদিও ছেপ্টেম্বৰ মাহত তেওঁৰ বিচাৰৰ সময়ত তেওঁক মুকলি কৰি দিয়া হৈছিল।

ইফালে, চাভেজৰ অধিবক্তা ৰাউল নোবলেচিলাই স্থানীয় ৰেডিঅ’ ষ্টেচন আৰ পি পিক জনোৱা মতে, কেইবাদিনো ধৰি তেওঁৰ ক্লায়েণ্টৰ কোনো খবৰ পোৱা নাই আৰু চাভেজে মেক্সিকান দূতাবাসত আশ্ৰয় বিচৰাৰ বিষয়ে অজ্ঞাত।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande