
ধুবুৰী, ০৪ নৱেম্বৰ (হি.স.): তামাৰহাটৰ পলাশকান্দিত কালি নিশা ৰাইজে খেদি খেদি ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি গতাই দিলে আৰক্ষীক । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম জুলহাস মণ্ডল বুলি জনা গৈছে।
ড্ৰাগছ সৰবৰাহকাৰী জুলহাস মণ্ডলৰ পৰা ২ টা ড্ৰাগছৰ কন্টেনাৰ আৰু এছ ১৭ এনে ৩৬০০ নম্বৰৰ এখন চাৰিচকীয়া বাহন জব্দ কৰে তামাৰহাট আৰক্ষীয়ে । দীৰ্ঘদিনৰ পৰা তামাৰহাট অঞ্চলৰ যুৱকৰ মাজত ড্ৰাগছ বিক্ৰী কৰাৰ অভিযোগ জুলহাস মণ্ডলৰ বিৰুদ্ধে। তামাৰহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে জুলহাস মণ্ডলক শোধ পোচ অব্যাহত ৰাখিছে । ড্ৰাগছ সৰবৰাহকাৰী জুলহাস মণ্ডলৰ ঘৰ তামাৰহাট থানাৰ অন্তৰ্গত পলাশকান্দি গাঁৱত বুলি জনা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ