
নতুন দিল্লী, ০৩ নৱেম্বৰ (হি.স.)। তেলেংগানাৰ ৰংগাৰেড্ডী জিলাত সংঘটিত হোৱা দুৰ্ঘটনাত প্ৰাণ হানিৰ ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এক বাৰ্তাত উল্লেখ কৰা হৈছে যে ৰংগাৰেড্ডী জিলাত সংঘটিত এই দুৰ্ঘটনা অত্যন্ত মৰ্মান্তিক। এই জটিল সময়ত ক্ষতিগ্ৰস্ত পৰিয়াল সমূহৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে সমবেদনা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃতকৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ