
হায়দৰাবাদ, ০৩ নৱেম্বৰ (হি.স.)। তেলেংগানাৰ ৰংগাৰেড্ডী জিলাৰ চেভেলা মণ্ডলৰ খানপুৰ গেটত আজি পুৱা প্ৰায় ৬ বজাত সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাত ১৮ জন যাত্ৰী নিহত হয়। এই দুৰ্ঘটনা সংঘটিত হয় এখন আৰ টি চি বাছ আৰু টিপাৰ ট্ৰাকৰ সংঘৰ্ষত। বাছখনত আছিল প্ৰায় ৭০ জন লোক।
প্ৰত্যক্ষদৰ্শীৰ মতে, দুৰ্ঘটনাত টিপাৰ চালক আৰু আৰ টি চি বাছ চালকৰো মৃত্যু হয়। সংঘৰ্ষৰ পিছতে আসনত আবদ্ধ হৈ পৰে যাত্ৰীসকল। টিপাৰ ট্ৰাকৰ তলত আবদ্ধ হৈ সন্মুখৰ পাঁচ শাৰীৰ আসন ক্ষতিগ্ৰস্ত হয়। মৃতকৰ সংখ্যাৰ আনুষ্ঠানিক নিশ্চিতকৰণৰ বাবে অপেক্ষা কৰি আছে। হায়দৰাবাদৰ পৰা ৪০ কিলোমিটাৰ দূৰত্বত সংঘটিত হয় এই দুৰ্ঘটনা।
हिन्दुस्थान समाचार / অৰৱিন্দ