
নগাঁও, ১৯ নৱেম্বৰ (হি.স.)। ধিং শিলপুখুৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ, অঞ্চলজুৰি চাঞ্চল্য। ধিং জাজৰি সংযোগী ৰাজপথৰ দাঁতিৰ কাষত পুৱা এক অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে।
নিজ শিলপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ কাষতে থকা পুখুৰীত উদ্ধাৰ মৃতদেহটো। স্থানীয় ৰাইজে প্ৰকাশ মতে, নিশা কোনোবাই ব্যক্তিজনক হত্যা কৰি পথৰ কাষৰ পুখুৰীত পেলাই থৈ গৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে। মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে তৎক্ষণাত বড়িবজাৰ আৰক্ষীক খবৰ দিয়ে।
খবৰ পাই বড়িবজাৰ আৰক্ষী ঘটনাস্থলীলৈ উপস্থিত হৈ মৃতদেহটো এন ডি আৰ এফ ৰ সহযোগত উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও চহৰ লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু