ষ্টকহোম, ০৯ অক্টোবৰ (হি.স.)। হাংগেৰীৰ ঔপন্যাসিক লাছলো ক্ৰাছনাহৰকাইক এইবাৰৰ সাহিত্যৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। সন্ত্ৰাসৰ মাজত শিল্পক পুনৰ উদ্ভাৱন কৰা মনোমোহা আৰু দূৰদৰ্শী কৰ্মৰাজিৰ বাবে সন্মানিত হৈছে ৭১ বছৰীয়া লাছলো। বৃহস্পতিবাৰে ষ্টকহোমত এই ঘোষণা কৰে ছুইডিছ একাডেমীৰ সম্পাদক মেটছ মালমে। তেওঁ কয় যে লাছলোৰ ৰচনাসমূহ গভীৰভাৱে প্ৰভাৱশালী আৰু দূৰদৰ্শী। ত্ৰাসে জুৰুলা পৃথিৱীত আতংক আৰু ভয়ৰ মাজতো তেওঁ শিল্পৰ শক্তি প্ৰদৰ্শন কৰে।
লাছলোৱে লাভ কৰিব ১ কোটি ১০ লাখ ছুইডিছ ক্ৰ’ন’ (₹১০.৩ কোটি), এটা সোণৰ পদক, আৰু এখন প্ৰশস্তি পত্ৰ। ১০ ডিচেম্বৰত ষ্টকহ’মত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব। ইয়াৰ পূৰ্বে ২০১৫ চনত মান বুকাৰ আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু ২০১৯ চনত অনুবাদ সাহিত্যৰ ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটা লাভ কৰিছিল। লাছলো হাংগেৰীৰ অন্যতম সন্মানীয় সমসাময়িক লেখক। তেওঁৰ গ্ৰন্থসমূহ প্ৰায়ে দাৰ্শনিক, মানৱতা, বিশৃংখলতা, আধুনিক সমাজৰ সংকটৰ বিষয়ে আলোকপাত কৰা হয়।
লাছলোৰ আটাইতকৈ জনপ্ৰিয় গ্ৰন্থখন হৈছে ১৯৮৫ চনত প্ৰকাশিত ছাটান্টাংগো। ১৯৯৪ চনত ইয়াক সাত ঘণ্টীয়া ছবিলৈ ৰূপান্তৰিত কৰা হয়, যাৰ নামো ছাটান্টাংগো। ইয়াক এতিয়ালৈকে নিৰ্মিত আৰ্টহাউছ ছবিসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। এখন সৰু গাঁও আৰু ইয়াৰ বাসিন্দাসকলৰ কঠিন জীৱনক কেন্দ্ৰ কৰি কাহিনীটো ঘূৰি আছে। ইয়াত বিশৃংখলতা, প্ৰতাৰণা আৰু মানুহৰ স্বভাৱৰ দুৰ্বলতাক চিত্ৰিত কৰা হৈছে। কিতাপখন প্ৰতাৰণামূলক কাহিনী, য’ত এদল দুখীয়া মানুহে এটা পুৰণি, ধ্বংসপ্ৰাপ্ত ফাৰ্ম হাউচত বাস কৰে। তেওঁলোকে ভাবে যে তেওঁলোকে বহুত টকা পাবলৈ ওলাইছে, কিন্তু সকলো ওলোটা হৈ পৰে।
বঁটা প্ৰদান জুৰীৰ অধ্যক্ষ এণ্ডাৰছ অলছনে তেওঁৰ কৰ্মৰাজিক বিশ্ব সংকটৰ সন্মুখীন হৈ শিল্পৰ শক্তি বুলি অভিহিত কৰে। ইফালে অনুৰাগীয়ে তেওঁৰ উক্তি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ