ডেনমাৰ্কে ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ কৰিব ছ’চিয়েল মিডিয়া: ফ্ৰেডেৰিকচেন
কোপেনহেগেন, ০৯ অক্টোবৰ (হি.স.)। ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকচেনে ডিজিটেল প্লেটফৰ্মৰ বিৰুদ্ধে “শিশুৰ শৈশৱ চুৰি” কৰাৰ অভিযোগ উত্থাপন কৰিছে। লগতে তেওঁৰ দেশত ১৫ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰা হ’ব বুলি ঘোষণা কৰিছে। বুধবাৰে স
डिजिटल प्लेटफार्म


কোপেনহেগেন, ০৯ অক্টোবৰ (হি.স.)। ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকচেনে ডিজিটেল প্লেটফৰ্মৰ বিৰুদ্ধে “শিশুৰ শৈশৱ চুৰি” কৰাৰ অভিযোগ উত্থাপন কৰিছে। লগতে তেওঁৰ দেশত ১৫ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰা হ’ব বুলি ঘোষণা কৰিছে।

বুধবাৰে সংসদত দিয়া ভাষণত ফ্ৰেডেৰিকচেনে কয় যে ডিজিটেল প্লেটফৰ্মে আমাৰ শিশুৰ শৈশৱ চুৰি কৰি আছে। তেওঁ সকীয়াই দিয়ে যে সমাজে ডিজিটেল প্লেটফৰ্ম নামৰ এটা দানৱৰ জন্ম দিছে, যিয়ে যুৱক-যুৱতীসকলৰ মাজত উদ্বেগ, হতাশা, বিক্ষিপ্ততাৰ দৰে সমস্যা বৃদ্ধি কৰিছে। ইয়াৰ পূৰ্বে ইমানবোৰ সন্তান আৰু যুৱক-যুৱতী উদ্বেগ আৰু হতাশাত ভুগিবলগীয়া হোৱা নাছিল বুলিও কয় তেওঁ।

ফ্ৰেডেৰিকচেনে কয় যে পৰ্দাই শিশুক এনে বিষয়বস্তুৰ সন্মুখীন কৰে যিবোৰ কোনো শিশু বা যুৱকে দেখা নাপাব। ইয়াৰ উপৰিও ইহঁতৰ অধ্যয়ন আৰু একাগ্ৰতাত বাধাৰ সৃষ্টি কৰে। পৰিসংখ্যাৰ উদ্ধৃতি দি ফ্ৰেডেৰিকচেনে কয় যে দেশৰ ১১ৰ পৰা ১৯ বছৰ বয়সৰ ৬০ শতাংশ ল’ৰাই ব্যক্তিগতভাৱে বন্ধুক খুব কমেইহে লগ পায়, আনহাতে সপ্তম শ্ৰেণীৰ ৯৪ শতাংশ ছাত্ৰ-ছাত্ৰীৰ ছ’চিয়েল মিডিয়া প্ৰফাইল আছে।

ডেনমাৰ্কত প্ৰস্তাৱিত আইনখনে ১৫ বছৰৰ তলৰ শিশুসকলক কেইবাটাও ডাঙৰ প্লেটফৰ্মত প্ৰৱেশ কৰাত বাধা দিব। অৱশ্যে ১৩ বছৰ বয়সৰ পৰাই অভিভাৱকে অনুমতি প্ৰদান কৰিব পাৰিব।অহা বছৰৰ আৰম্ভণিতে এই নিষেধাজ্ঞা কাৰ্যকৰী হ’ব বুলি চৰকাৰে আশা কৰিছে।

ইফালে ডিজিটেলাইজেশ্যন মন্ত্ৰী কেৰ’লিন ষ্টেজে এই পৰিকল্পনাক এক বৃহৎ সফলতা বুলি অভিহিত কৰি স্বীকাৰ কৰে যে ডেনমাৰ্কে শিশুসকলক প্ৰযুক্তি কোম্পানীসমূহৰ দয়াত এৰি দিয়াটো অবুদ্ধিমানৰ কাম কৰিছে। ডিজিটেল বন্দীত্বৰ বাহিৰলৈ গৈ সম্প্ৰদায়ৰ দিশে আগবাঢ়িব লাগিব বুলিও কয় মন্ত্ৰীগৰাকীয়ে।

ফ্ৰেডেৰিকচেনে পৰিসংখ্যাৰ উদ্ধৃতি দি কয় যে দেশৰ ১১ৰ পৰা ১৯ বছৰ বয়সৰ ৬০ শতাংশ ল’ৰাই ব্যক্তিগতভাৱে বন্ধুক খুব কমেইহে লগ পায়, আনহাতে সপ্তম শ্ৰেণীৰ ৯৪ শতাংশ ছাত্ৰ-ছাত্ৰীৰ ছ’চিয়েল মিডিয়া প্ৰফাইল আছে।

ডেনমাৰ্কৰ পূৰ্বে আন কেইবাখনো দেশে ব্যৱস্থা গ্ৰহণ কৰিছে। যোৱা মাহত ফ্ৰান্সৰ এখন সংসদীয় কমিটীয়ে টিকটকৰ ক্ষতিকাৰক প্ৰভাৱৰ কথা উল্লেখ কৰি ১৫ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা আৰু কিশোৰ-কিশোৰীৰ বাবে ডিজিটেল কাৰ্ফিউৰ আহ্বান জনাইছিল।

অষ্ট্ৰেলিয়াই ১৬ বছৰৰ তলৰ শিশুক ছ’চিয়েল মিডিয়াৰ পৰা নিষিদ্ধ কৰা বিশ্বৰ প্ৰথমখন বিধেয়ক উত্থাপন কৰিলে । বিধেয়কখনৰ মতে টিকটক, ফেচবুক, স্নেপচ্যাট, ৰেডিট, এক্স, ইনষ্টাগ্ৰাম আদি প্লেটফৰ্মত নাবালকৰ একাউণ্ট ব্লক নকৰিলে ৩৩ মিলিয়ন ডলাৰ পৰ্যন্ত জৰিমনা ভৰিব লগা হ’ব পাৰে।

দক্ষিণ কোৰিয়াই বিদ্যালয়ৰ সময়ত ফোন আৰু স্মাৰ্ট ডিভাইচ নিষিদ্ধ কৰি আইন প্ৰণয়ন কৰিছে আৰু ২০২৬ চনৰ মাৰ্চ মাহৰ পৰা কাৰ্যকৰী হ’ব।

ফিনলেণ্ড, ইটালী, নেদাৰলেণ্ড, চীনকে ধৰি কেইবাখনো দেশে একেধৰণৰ নিষেধাজ্ঞা কাৰ্যকৰী কৰিছে। তুৰস্কইও বয়সৰ সীমা পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande