আজাৰবাইজানৰ বিমান দুৰ্ঘটনাত প্ৰথমবাৰৰ বাবে দোষ স্বীকাৰ কৰিলে পুটিনে
মস্কো, ০৯ অক্টোবৰ (হি.স.)। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰথমবাৰৰ বাবে আজাৰবাইজান এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাত ৰাছিয়াৰ ভূমিকা স্বীকাৰ কৰিছে। পুটিনে কয় যে এই কাণ্ড সংঘটিত হোৱাৰ দিনা পুৱা ৰাছিয়াই ইউক্ৰেইনৰ ড্ৰ’ন ধ্বংস কৰিবলৈ ক্ষেপণাস্ত্ৰ
पुतिन


মস্কো, ০৯ অক্টোবৰ (হি.স.)। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰথমবাৰৰ বাবে আজাৰবাইজান এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাত ৰাছিয়াৰ ভূমিকা স্বীকাৰ কৰিছে। পুটিনে কয় যে এই কাণ্ড সংঘটিত হোৱাৰ দিনা পুৱা ৰাছিয়াই ইউক্ৰেইনৰ ড্ৰ’ন ধ্বংস কৰিবলৈ ক্ষেপণাস্ত্ৰ নিয়োগ কৰিছিল, আৰু এই ক্ষেপণাস্ত্ৰ বিমানখনৰ পৰা মাত্ৰ মিটাৰ দূৰত্বত বিস্ফোৰণ ঘটিছিল। তাজিকিস্তানত অনুষ্ঠিত হোৱা দ্বিতীয় ৰাছিয়া-মধ্য এছিয়া শীৰ্ষ সন্মিলনৰ আঁৰত আজাৰবাইজানৰ ৰাষ্ট্ৰপতি ইলহাম আলিয়েভৰ সৈতে হোৱা বৈঠকত পুটিনে এই মন্তব্য কৰে।

ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা স্পুটনিকৰ মতে, পুটিনে তেওঁৰ সমকক্ষক কয় যে ইউক্ৰেইনৰ ড্ৰ’ন অনুসৰণ কৰা ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ অসামৰিক বিমানখনৰ পৰা মাত্ৰ মিটাৰ দূৰত্বত বিস্ফোৰণ হোৱাৰ ফলত এই কাণ্ড সংঘটিত হয়।

পুটিনে কয় যে, ৰাছিয়াই নিজৰ সীমান্ত অতিক্ৰম কৰা তিনিখন ইউক্ৰেইনৰ ড্ৰোনক অনুসৰণ কৰি আছিল। ৰাছিয়াই নিক্ষেপ কৰা দুটা বায়ু প্ৰতিৰক্ষা ক্ষেপণাস্ত্ৰই বিমানখনত প্ৰত্যক্ষভাৱে আঘাত কৰা নাছিল, বৰঞ্চ মাত্ৰ কেইমিটাৰমান দূৰৈত বিস্ফোৰণ হৈছিল। বিমানখনৰ সম্ভৱতঃ ক্ষেপণাস্ত্ৰৰ টুকুৰাৰ দ্বাৰা ক্ষতিসাধন হৈছিল।

উল্লেখযোগ্য যে ২০২৪ চনৰ ২৫ ডিচেম্বৰত এই বিমানখন আজাৰবাইজানৰ ৰাজধানী বাকুৰ পৰা ৰাছিয়াৰ গ্ৰ’জনিলৈ উৰা মাৰিছিল। ইয়াত ৬২ জন যাত্ৰী, দুজন পাইলট আৰু তিনিজন কেবিন ক্ৰুকে ধৰি ৬৭ জন লোক আছিল। এই বিমানখন কাজাখাস্তানৰ আকটাউত দুৰ্ঘটনাগ্ৰস্ত হৈ ৩৫ জন যাত্ৰী, দুয়োজন পাইলট আৰু এগৰাকী বিমান পৰিচাৰিকাৰ মৃত্যু হয়।

ঘটনাৰ তিনিদিন পিছত ২৮ ডিচেম্বৰত পুটিনে আলিয়েভৰ সৈতে ফোনযোগে কথা পাতিছিল আৰু ঘটনাৰ বাবে ক্ষমা বিচাৰিছিল। সেই সময়ত তেওঁ উল্লেখ কৰিছিল যে ইউক্ৰেইনৰ ড্ৰ’ন প্ৰতিহত কৰিবলৈ ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰা হৈছিল যদিও তেওঁ স্পষ্টভাৱে স্বীকাৰ কৰা নাছিল যে বিমানখন ভূপাতিত হোৱাৰ বাবে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই দায়ী।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande