আৰ্কটিক অ’পেনঃ লক্ষ্য সেন বাহিৰ, মন্নেপল্লীয়ে ভাৰতীয় আশাক ৰাখিছে জীয়াই
এস্পু (ফিনলেণ্ড), ০৯ অক্টোবৰ (হি.স.)। অচিনাকি অথচ প্ৰতিভাৱান ভাৰতীয় খেলুৱৈ থাৰুণ মান্নেপল্লীয়ে আৰ্কটিক অ’পেন ২০২৫ত বিশ্বৰ ১৪ নম্বৰ টমা জুনিয়ৰ প’প’ভক পৰাস্ত কৰি ভাৰতৰ পুৰুষৰ একক শাখাৰ আশা জীয়াই ৰাখিছে। ইফালে লক্ষ্য সেনে প্ৰথম ৰাউণ্ডৰ আন এক হতাশা
भारतीय बैडमिंटन खिलाड़ी लक्ष्य सेन


এস্পু (ফিনলেণ্ড), ০৯ অক্টোবৰ (হি.স.)। অচিনাকি অথচ প্ৰতিভাৱান ভাৰতীয় খেলুৱৈ থাৰুণ মান্নেপল্লীয়ে আৰ্কটিক অ’পেন ২০২৫ত বিশ্বৰ ১৪ নম্বৰ টমা জুনিয়ৰ প’প’ভক পৰাস্ত কৰি ভাৰতৰ পুৰুষৰ একক শাখাৰ আশা জীয়াই ৰাখিছে। ইফালে লক্ষ্য সেনে প্ৰথম ৰাউণ্ডৰ আন এক হতাশাজনক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়।

বিশ্বৰ ৪৬ নম্বৰ স্থানত থকা মাননেপালিয়ে উদ্বোধনী খেলখনত পৰাস্ত হোৱাৰ পাছত শক্তিশালী পুনৰ উভতি আহি প’প’ভক ১১-২১, ২১-১১, ২২-২০ ব্য়ৱধানত পৰাস্ত কৰে৷ এঘণ্টা আঠ মিনিটৰ ৰোমাঞ্চকৰ মেচখনত তেওঁ নিৰ্ণায়ক খেলখনত চাৰিটা মেচ পইণ্ট ৰক্ষা কৰি ঐতিহাসিক জয় নিশ্চিত কৰে।

এতিয়া তেওঁ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ’ব বিশ্বৰ ১৮ নম্বৰ জাপানৰ কোকি ৱাটানাবে।

পেৰিছ অলিম্পিকৰ ছেমি ফাইনেলিষ্ট লক্ষ্য সেনে পঞ্চম ছিড জাপানৰ কোদাই নাৰাওকাৰ হাতত ২১-১৫, ২১-১৭ ব্য়ৱধানত পৰাস্ত হয়। ৫৭ মিনিটৰ খেলখনত লক্ষ্যই আৰম্ভণিৰ পৰাই পিছ পৰি থকা যেন দেখা গৈছিল আৰু প্ৰথমখন খেলৰ শেষত ৬-১১ ব্য়ৱধানত পিছ পৰি আছিল। দ্বিতীয়খন খেলত তেওঁ কিছু প্ৰতিৰোধৰ চেষ্টা কৰিছিল যদিও বিৰতিৰ পিছত নাৰায়কে ত্বৰান্বিত কৰি লক্ষ্যই আৰু মাত্ৰ সাতটা পইণ্টহে লাভ কৰিবলৈ সক্ষম হয়।

নাৰায়কৰ বিৰুদ্ধে ৮খন মেচত লক্ষ্যৰ এয়া ষষ্ঠটো পৰাজয় আৰু ২০২৫ চনত প্ৰথম ৰাউণ্ডৰ পৰা বাহিৰ হোৱা দশমটো।অৱশ্যে যোৱা মাহত হংকং অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰি তেওঁ কিছু ইতিবাচক দিশ দেখুৱাইছিল।

আন ভাৰতীয় খেলুৱৈসকলৰো দিনটো বেয়া আছিল।

ডেনমাৰ্কৰ ৰাছমাছ গেম্কেৰ বিৰুদ্ধে ৱাক অভাৰ দিয়া হৈছিল বিশ্বৰ প্ৰাক্তন ১নম্বৰ কিদাম্বী শ্ৰীকান্তক।

দ্বিতীয়খন খেলৰ মাজভাগত আঘাতৰ বাবে অৱসৰ লয় কিৰণ জৰ্জে। প্ৰথমখন খেলতে তেওঁ ৱাটানাবেক ১০-২১ ব্য়ৱধানত পিছ পৰি আছিল।

শংকৰ সুব্ৰমণিয়ামে ৪৪ মিনিটত ফ্ৰান্সৰ ক্ৰীষ্টো প’প’ভৰ হাতত ২১-১৭, ২১-১১ ব্য়ৱধানত পৰাস্ত হয়।

আয়ুষ শ্বেট্টীক ২১-১৫, ২১-১৬ ব্য়ৱধানত পৰাস্ত কৰে শীৰ্ষস্থানীয় ছিড থাইলেণ্ডৰ কুনলাভুট ভিটিডছাৰ্নে।

থাৰুণ মন্নেপল্লীৰ আকৰ্ষণীয় প্ৰদৰ্শনে ভাৰতীয় অনুৰাগীসকলক প্ৰতিযোগিতাখনত আশাৰ ৰেঙণি নিশ্চয়কৈ দিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande