অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ শান্ত স্বভাৱক আগুৱাই নিব বিচাৰিছে শুভমন গিলে
নতুন দিল্লী, ০৯ অক্টোবৰ (হি.স.)। ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ নৱনিযুক্ত যুৱ অধিনায়ক শুভমন গিলে বৃহস্পতিবাৰে কয় যে তেওঁ এদিনীয়া দলৰ অধিনায়কত্ব গ্ৰহণ কৰাৰ সময়ত তেওঁৰ পূৰ্বৰ ৰোহিত শৰ্মাৰ “শান্ত স্বভাৱ” আৰু “ড্ৰেছিং ৰুমত নিৰ্মিত ঐক্য”ক আগুৱাই নিব
शुभमन गिल


নতুন দিল্লী, ০৯ অক্টোবৰ (হি.স.)। ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ নৱনিযুক্ত যুৱ অধিনায়ক শুভমন গিলে বৃহস্পতিবাৰে কয় যে তেওঁ এদিনীয়া দলৰ অধিনায়কত্ব গ্ৰহণ কৰাৰ সময়ত তেওঁৰ পূৰ্বৰ ৰোহিত শৰ্মাৰ “শান্ত স্বভাৱ” আৰু “ড্ৰেছিং ৰুমত নিৰ্মিত ঐক্য”ক আগুৱাই নিব বিচাৰে।

ইতিমধ্যে ভাৰতৰ টেষ্ট দলৰ অধিনায়ক ২৫ বছৰীয়া গিলে অষ্ট্ৰেলিয়া ভ্ৰমণৰ জৰিয়তে এদিনীয়া অধিনায়কত্ব আৰম্ভ কৰিব। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তিনিখন মেচৰ এদিনীয়া শৃংখলা ১৯ৰ পৰা ২৫ অক্টোবৰলৈ অনুষ্ঠিত হ’ব। গিলে কয় যে মই ৰোহিত ভাইৰ শান্ত স্বভাৱ আৰু দলত সৃষ্টি কৰা বন্ধুত্বপূৰ্ণ পৰিৱেশ গ্ৰহণ কৰিব বিচাৰো।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট খেলৰ পূৰ্বে এখন সংবাদমেলত তেওঁ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ভৱিষ্যতৰ ওপৰত চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই কয় যে ১৫ অক্টোবৰত অষ্ট্ৰেলিয়ালৈ যোৱাৰ পূৰ্বে দুয়োগৰাকী প্ৰবীণ খেলুৱৈয়ে দলত যোগদান কৰিব। ৰোহিত আৰু কোহলী এতিয়া কেৱল এদিনীয়া ফৰ্মেটতহে উপলব্ধ হ’ব, কিয়নো তেওঁলোকে টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। গিলে কয়, দুয়োজনে ভাৰতৰ হৈ বহু মেচত জয়লাভ কৰিছে। ইমান দক্ষতা আৰু অভিজ্ঞতা অতি কম সংখ্যক খেলুৱৈৰহে আছে। আমাক তেওঁলোকৰ প্ৰয়োজন।

এদিনীয়াৰ অধিনায়ক নিযুক্তি পোৱাৰ সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি গিলে কয় যে, এয়া এক সন্মান। প্ৰথম টেষ্টৰ পিছত (আহমেদাবাদত) ঘোষণা কৰা হৈছিল, কিন্তু মোক অলপ আগতেই জনোৱা হৈছিল। ভাৰতীয় ক্ৰিকেটত ঘটি থকা পৰিৱৰ্তনৰ স্থপতি হিচাপে গণ্য কৰা মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ সৈতেও গিলে তেওঁৰ সম্পৰ্কৰ বিষয়ে কয়। গিলে কয়, আমাৰ মাজত ভাল সম্পৰ্ক আছে। আমি প্ৰায়ে আলোচনা কৰোঁ যে খেলুৱৈসকলৰ বাবে কেনেকৈ নিৰাপদ পৰিৱেশ প্ৰদান কৰিব পাৰি। আমি দ্ৰুত বলাৰৰ এক শক্তিশালী পুল গঢ়ি তোলাৰো আলোচনা কৰোঁ।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande