বৰপেটাত ব্যৱসায়ীৰ পৰা দূৰ্বৃত্তই কাঢ়ি নিলে প্ৰায় ১২ লক্ষাধিক টকাৰ সোণ, ৰূপ
বৰপেটা, ০৫ অক্টোবৰ (হি.স.)। বৰপেটাত দূৰ্বৃত্তৰ সন্ত্রাস পোহৰলৈ আহিছে । ব্যৱসায়ীৰ পৰা দূৰ্বৃত্তই কাঢ়ি নিলে প্ৰায় ১২ লক্ষাধিক টকাৰ সোণ, ৰূপ । শনিবাৰে নিশা বৰপেটা চহৰৰ বৰপেটা-হাউলী পথৰ চেন্ট টেৰেজা স্কুলৰ সন্মুখত সংঘটিত হয় এই ঘটনা। ভূক্তভোগী ব্য
বৰপেটাত ব্যৱসায়ীৰ পৰা দূৰ্বৃত্তই কাঢ়ি নিলে প্ৰায় ১২ লক্ষাধিক টকাৰ সোণ, ৰূপ


বৰপেটা, ০৫ অক্টোবৰ (হি.স.)। বৰপেটাত দূৰ্বৃত্তৰ সন্ত্রাস পোহৰলৈ আহিছে । ব্যৱসায়ীৰ পৰা দূৰ্বৃত্তই কাঢ়ি নিলে প্ৰায় ১২ লক্ষাধিক টকাৰ সোণ, ৰূপ ।

শনিবাৰে নিশা বৰপেটা চহৰৰ বৰপেটা-হাউলী পথৰ চেন্ট টেৰেজা স্কুলৰ সন্মুখত সংঘটিত হয় এই ঘটনা। ভূক্তভোগী ব্যৱসায়ী গৰাকী বৰপেটা চহৰৰ মুছলিমপট্টীৰ মাতৃ জুৱেলাৰ্চৰ স্বত্বাধিকাৰী বৰুণ কৰ্মকাৰ বুলি জানিব পৰা গৈছে ।

ব্যৱসায়ী গৰাকীয়ে পূৰ্বৰ দৰেই আজি নিশাও প্ৰতিষ্ঠান খনত থকা সকলো সোণ ৰূপ এখন বেগত ভৰাই স্কুটীৰে ঘৰলৈ গৈ থকা অৱস্থাত মটৰ চাইকেলত অহা দুই দূৰ্বৃত্তই সোণ ৰূপ সহ বেগ খন কাঢ়ি লৈ আঁতৰি যায়। ইপিনে চলন্ত অবস্থাত দূৰ্বৃত্তই বেগখন কাঢ়ি নিয়াৰ ফলত ব্যৱসায়ী গৰাকী স্কুটীৰ পৰা বাগৰি পৰি চুচৰি যোৱাৰ ফলত গুৰুতৰভাৱে আহত হয়।

আহত ব্যৱসায়ী গৰাকীক লগে লগে বৰপেটা মেডিকেল কলেজ হস্পিটালত চিকিৎসা প্ৰদানৰ লগতে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। এই ঘটনাক লৈ বৰপেটা চহৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande