ৰোমাঞ্চকৰ খেলত আফগানিস্তানক পৰাস্ত কৰি বাংলাদেশৰ শৃংখলাত ১-০ত অগ্ৰগতি
শ্বাৰজাহ, ০৩ অক্টোবৰ (হি স)। ৰছিদ খানৰ চমকপ্ৰদ বলিঙৰ পাছতো বৃহস্পতিবাৰে সন্ধিয়া তিনিখন খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ প্ৰথমখন খেলত আফগানিস্তানক ৪ উইকেটত পৰাস্ত কৰি বাংলাদেশে ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে। নিৰ্ধাৰিত ১৫২ ৰানৰ লক্ষ্য অনুসৰণ কৰি ব
परवेज हुसैन इमरान शॉट खेलते हुए


শ্বাৰজাহ, ০৩ অক্টোবৰ (হি স)। ৰছিদ খানৰ চমকপ্ৰদ বলিঙৰ পাছতো বৃহস্পতিবাৰে সন্ধিয়া তিনিখন খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ প্ৰথমখন খেলত আফগানিস্তানক ৪ উইকেটত পৰাস্ত কৰি বাংলাদেশে ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে।

নিৰ্ধাৰিত ১৫২ ৰানৰ লক্ষ্য অনুসৰণ কৰি বাংলাদেশে প্ৰাৰম্ভিক যুটিৰ পৰা সুন্দৰ অৰ্ধশতকৰ জৰিয়তে শক্তিশালী আৰম্ভণি কৰিছিল যদিও মাজভাগত ৰছিদ খানে মেচখনৰ গতিপথ সলনি কৰিছিল।

বাংলাদেশে সতৰ্কতাৰে ইনিংছ আৰম্ভ কৰে, প্ৰথম তিনিটা অভাৰত মাত্ৰ ১৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছত তানজিদ হাছান তামিম আৰু পাৰভেজ হোছেইন ইমৰানে আক্ৰমণাত্মকভাৱে বেটিং কৰি পাৱাৰপ্লেত ৫০ ৰান সংযোজন কৰে। দুয়োগৰাকী বেটছমেনে নিজৰ অৰ্ধশতকত উপনীত হোৱাৰ উপৰিও দলটোৰ স্ক’ৰ ১০ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ ৯৫ ৰাণ সংগ্ৰহ কৰে।

এনে লাগিছিল যে মেচখন একপক্ষীয় হ’ব, কিন্তু ফৰিদ আহমেদে আফগানিস্তানৰ হৈ প্ৰথমটো আঘাত দিয়ে, তাৰ পিছত ৰছিদ খানৰ মাৰাত্মক স্পলৰে মেচখন ৰোমাঞ্চকৰ স্হিতিলৈ ৰূপান্তৰিত কৰে। ৰছিদে একেটা অভাৰতে তানজিদ আৰু ছাইফ হাছানক আউট কৰে, তাৰ পিছত তেওঁৰ অন্তিম অভাৰত আৰু দুটা উইকেট দখল কৰে। বাংলাদেশৰ স্কৰ হঠাতে ১০৯/০ৰ পৰা ১১৮/৬ত উপনীত হয়।

অৱশ্যে নুৰুল হাছান আৰু ঋষত হুছেইনে সতৰ্কতাৰে বেটিং কৰি গুৰুত্বপূৰ্ণ বাউণ্ডেৰীৰ আঘাত কৰে। অৱশেষত নুৰুল হাছানে একেৰাহে দুটা ছয় কোবাই ১৯ অভাৰত জয়ৰ সূত্ৰপাত কৰে।

ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি আফগানিস্তানে ২০ অভাৰত ১৫১/৯ ৰান সংগ্ৰহ কৰে। ৰহমানুল্লাহ গুৰবাজে ৪০ ৰান সংগ্ৰহ কৰি সৰ্বাধিক স্ক’ৰ কৰাৰ বিপৰীতে মহম্মদ নবীয়ে ত্বৰিত ৩৮ ৰান সংগ্ৰহ কৰে। চূড়ান্ত অভাৰত নবি আৰু শ্বাৰাফুদ্দিন আশ্ৰাফৰ ন’কে দলটোক ১৫০ ৰান অতিক্ৰম কৰাত সহায় কৰে।

চমু স্ক’ৰকাৰ্ড: আফগানিস্তান – ১৫১/৯, ২০ অভাৰ (ৰহমানুল গুৰবাজ ৪০, মহম্মদ নবী ৩৮; ঋষত হোছেইন ২/৩৩)

বাংলাদেশ – ১৫৩/৬, ১৮.৪ অভাৰ (পৰৱেজ হোছেইন ইমৰাণ ৫৪, তাঞ্জিদ হাছান তামিম ৫১; ৰছিদ খান ৪/১৮)

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande