চীন ভ্ৰমণৰ বাবে সাজু ভাৰতীয় এ মহিলা হকী দল, অধিনায়ক হ’ব মনীষা চৌহান
- ভাৰতীয় এ দলে ১৩ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ লিয়াওনিঙৰ বিৰুদ্ধে পাঁচখন খেলৰ শৃংখলা খেলিব নতুন দিল্লী, ০৩ অক্টোবৰ (হি.স.)। ভাৰতীয় এ মহিলা হকী দলে চীন ভ্ৰমণ কৰিবলৈ সাজু হৈছে। ২০২৫ চনৰ ১৩ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ লিয়াওনিঙৰ বিৰুদ্ধে পাঁচখন খেলৰ শৃং
भारतीय ए महिला हॉकी टीम की कप्तान मनीषा चौहान


- ভাৰতীয় এ দলে ১৩ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ লিয়াওনিঙৰ বিৰুদ্ধে পাঁচখন খেলৰ শৃংখলা খেলিব

নতুন দিল্লী, ০৩ অক্টোবৰ (হি.স.)। ভাৰতীয় এ মহিলা হকী দলে চীন ভ্ৰমণ কৰিবলৈ সাজু হৈছে। ২০২৫ চনৰ ১৩ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ লিয়াওনিঙৰ বিৰুদ্ধে পাঁচখন খেলৰ শৃংখলা খেলিব। সকলো মেচ ডালিয়ানৰ লিয়াওনিং ক্ৰীড়া কেন্দ্ৰত অনুষ্ঠিত হ’ব। এই ভ্ৰমণক আন্তঃৰাষ্ট্ৰীয় পৰিচয় প্ৰদান আৰু ভাৰতীয় মহিলা হকী খেলুৱৈৰ নতুন প্ৰজন্মক প্ৰতিযোগিতামূলক পৰিৱেশৰ সৈতে অভ্যস্ত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

অহা ১৩, ১৫, ১৭, ১৯, আৰু ২১ অক্টোবৰত অনুষ্ঠিত হ’ব ভাৰতীয় এ আৰু লিয়াওনিং দলৰ মাজত। এই ভ্ৰমণক ভাৰতীয় মহিলা হকী কাৰ্যসূচীৰ বিকাশৰ অংশ বুলি গণ্য কৰা হয়, যাৰ লক্ষ্য হৈছে খেলুৱৈসকলক নতুন পৰিৱেশৰ সৈতে অভ্যস্ত কৰি তোলা আৰু উচ্চ পৰ্যায়ৰ প্ৰত্যাহ্বানৰ বাবে প্ৰস্তুত কৰা।

নেতৃত্ব আৰু কৌশলগত বুজাবুজিৰ বাবে পৰিচিত অভিজ্ঞ ডিফেণ্ডাৰ মনীষা চৌহানে দলটোৰ অধিনায়ক হিচাপে কাম কৰিছে। দলটোৰ প্ৰশিক্ষক হিচাপে থাকিব ভাৰতীয় মহিলা হকী দলৰ বিশ্লেষণাত্মক প্ৰশিক্ষক ডেভ স্মোলেনাৰ্ছ।

ডেভ স্মলেনাৰ্ছে কয়, আমি অপৰিসীম সম্ভাৱনা থকা এটা সুষম আৰু যুৱ দল গঠন কৰিছো। চীন ভ্ৰমণ খেলুৱৈসকলৰ বাবে নিজৰ সামৰ্থ্য প্ৰদৰ্শন, নতুন পৰিৱেশত শিকিবলৈ, আৰু আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা লাভ কৰাৰ এক সুন্দৰ সুযোগ। মই নিশ্চিত যে এই খেলুৱৈসকলে এই সুযোগৰ সৰ্বোত্তম ব্যৱহাৰ দৃঢ়তা আৰু দলীয় কামৰ সৈতে কৰিব।

ভাৰত এ মহিলা দল (১৯-সদস্য) – চীন ভ্ৰমণৰ বাবে

গ’লৰক্ষক : বনছাৰী সোলাংকি, মাধুৰী কিন্দো।

ডিফেণ্ডাৰ : মনীষা চৌহান (অধিনায়ক), অক্ষতা আবাছো ঢেকলে, জ্যোতি ছেত্ৰী, মহিমা চৌধুৰী, অঞ্জনা ডুংডুং।

মিডফিল্ডাৰঃ সুজাতা কুজুৰ, দীপিকা সোৰেং, আজমিনা কুজুৰ,

পূজা যাদৱ, বলজীত কৌৰ, দিপি মনিকা টপ্পো।

ফৰৱাৰ্ড : আলবেলা ৰাণী টপ্পো, ঋতিকা সিং, অনু, চন্দনা জগদীশা, কাজল সদাশিৱ আতপাডকাৰ, চেলেষ্টিনা হোৰো।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande