প্ৰথমখন যুৱ টেষ্টত ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলৰ হাতত এটা ইনিংছ আৰু ৫৮ ৰাণত পৰাস্ত অষ্ট্ৰেলিয়া
ব্রিজবেন, ০২ অক্টোবৰ (হি.স.)। বৈভৱ সূৰ্য্যবংশী আৰু বেদান্ত ত্ৰিবেদীৰ শতক আৰু ডি দীপেশ (৮ উইকেট)ৰ চমৎকাৰ বলিং প্ৰদৰ্শনৰ বাবে ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলটোৱে অষ্ট্ৰেলিয়াৰ ১৯ বছৰ অনুৰ্ধ দলক পৰাস্ত কৰে। প্ৰথমখন টেষ্টত ভাৰতে এক ইনিংছ আৰু ৫৮ ৰাণত জয়লাভ কৰি
भारतीय अंडर 19 टीम


ব্রিজবেন, ০২ অক্টোবৰ (হি.স.)। বৈভৱ সূৰ্য্যবংশী আৰু বেদান্ত ত্ৰিবেদীৰ শতক আৰু ডি দীপেশ (৮ উইকেট)ৰ চমৎকাৰ বলিং প্ৰদৰ্শনৰ বাবে ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলটোৱে অষ্ট্ৰেলিয়াৰ ১৯ বছৰ অনুৰ্ধ দলক পৰাস্ত কৰে। প্ৰথমখন টেষ্টত ভাৰতে এক ইনিংছ আৰু ৫৮ ৰাণত জয়লাভ কৰি দুখন মেচৰ শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে। এই শৃংখলাৰ দ্বিতীয় আৰু অন্তিমখন যুৱ টেষ্ট ৭ অক্টোবৰত ব্রিজবেনত অনুষ্ঠিত হ’ব ৷

বেগী বলাৰ দীপেশ দেৱেন্দ্ৰনে (তামিলনাডুৰ প্ৰাক্তন খেলুৱৈ বাসুদেৱান দেৱেন্দ্ৰনৰ পুত্ৰ) অষ্ট্ৰেলিয়াক ২৪৩ ৰানত সীমাবদ্ধ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ ৪৫ ৰানত ৫টা উইকেট দখল কৰাৰ বিপৰীতে বাওঁহাতৰ বেগী বলাৰ কিষাণ কুমাৰে ৩টা উইকেট দখল কৰে। অষ্ট্ৰেলিয়াৰ তিনি নম্বৰ বেটছমেন ষ্টিভেন হোগানে ২৪৬ বলত ৯২ ৰান সংগ্ৰহ কৰিবলৈ যথেষ্ট কষ্ট কৰে।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে প্ৰথম ইনিংছত ৪২৮ ৰান সংগ্ৰহ কৰে। বৈভৱ সূৰ্যবংশীয়ে ৮৬টা বলত ১১৩ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল, য’ত ৯টা চাৰি আৰু ৮টা ছয়ো আছিল। গুজৰাটৰ বেটছমেন বেদান্ত ত্ৰিবেদীয়ে সৰ্বাধিক ১৪০ ৰান সংগ্ৰহ কৰিছিল আৰু তেওঁ ১৯টা চাৰি কোবাইছিল। অল ৰাউণ্ডাৰ খিলান পেটেলে কুইকফায়াৰ ৪৯ ৰান সংগ্ৰহ কৰি ভাৰতে ১৮৫ ৰানত যথেষ্ট অগ্ৰগতি লাভ কৰে।

ইয়াৰ পাছত কিষাণ কুমাৰ আৰু দীপেশে অষ্ট্ৰেলিয়াৰ টপ অৰ্ডাৰক থৰকবৰক কৰি স্ক’ৰ ২৪/৩ লৈ হ্ৰাস কৰে। খিলন পেটেলে মাজৰ অভাৰত ১৯ ৰানত তিনিটা উইকেট দখল কৰে। যদিও নৱম নম্বৰৰ বেটছমেন আৰ্য্য শৰ্মাই কিছু প্ৰতিৰোধ প্ৰদৰ্শন কৰি ৪৩ ৰান সংগ্ৰহ কৰিছিল তথাপিও দীপেশে চূড়ান্ত আঘাত দি তিনিটা উইকেট (১৬ ৰানত) দখল কৰি ভাৰতৰ হৈ খেলখন সমাপ্ত কৰে।

স্ক’ৰকাৰ্ডঃ ভাৰত ১৯ বছৰ অনুৰ্ধ : ৪২৮ (ত্ৰিবেদী ১৪০, সূৰ্য্যবংশী ১১৩)।

অষ্ট্ৰেলিয়া ১৯ বছৰ অনুৰ্ধ : ২৪৩ (হোগান ৯২, দীপেশ ৫/৪৫) আৰু ১২৭ (দীপেশ ৩/১৬, খিলান ৩/১৯)

ফলঃ ১৯ বছৰ অনুৰ্ধৰ ভাৰতে এটা ইনিংছ আৰু ৫৮ ৰানত জয়লাভ কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande