নতুন দিল্লী, ০২ অক্টোবৰ (হি.স.)। নৰৱেত অনুষ্ঠিত হ’বলগীয়া ২০২৫ চনৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতে ১৪ জনীয়া দল এটাক অৱতীৰ্ণ কৰাব। অলিম্পিকৰ পদক বিজয়ী তথা প্ৰাক্তন বিশ্ব চেম্পিয়ন মিৰাবাই চানুৱে দলটোক নেতৃত্ব দিব।
দলটোত ৭ গৰাকী পুৰুষ আৰু ৭ গৰাকী মহিলা ভাৰোত্তোলক আছে। মহিলা শাখাত বিন্দ্যাৰাণী দেৱী, হৰজিন্দৰ কৌৰ, আৰু মেহক শৰ্মাৰ দৰে অভিজ্ঞ খেলুৱৈয়ে প্ৰত্যাহ্বান জনোৱাৰ বিপৰীতে পুৰুষৰ শাখাত লাভপ্ৰীত সিঙক আগশাৰীৰ প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছে।
পেৰিছ ২০২৪ অলিম্পিকৰ পাছত চানুৱে (৩১) উৎকৃষ্ট ফৰ্মলৈ ঘূৰি আহি কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰে। ২০১৭ চনত (আনাহাইম) বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী আৰু ২০২২ চনত (বগোটা) ৰূপৰ পদক বিজয়ী হৈছিল।
ভাৰতীয় দল
মহিলাৰ শ্ৰেণী:
মিৰাবাই চানু (৪৮ কেজি)
কোয়ল বাৰ (৫৩ কিলোগ্ৰাম)
বিন্দ্যাৰাণী দেৱী (৫৮ কেজি)
নিৰুপমা দেৱী (৬৩ কেজি)
হৰজিন্দৰ কৌৰ (৬৯ কেজি)
বংশিতা বৰ্মা (৮৬ কেজি)
মেহক শৰ্মা (৮৬ কেজি+)
পুৰুষৰ শ্ৰেণী:
ঋষিকান্ত সিং (৬০ কেজি)
মুথুপাণ্ডি ৰাজা (৬৫ কেজি)
অজিত নাৰায়ণ (৭১ কেজি)
অজয় বাবু বল্লুৰি (৭৯ কেজি)
অভিষেক নিপানে (৮৮ কেজি)
দিলবাগ সিং (৯৪ কেজি)
লাভপ্ৰীত সিং (১১০ কেজি+)
শেহতীয়া প্ৰদৰ্শন: ২০২৪ চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত বিন্দ্যাৰাণী, নিৰুপমা, আৰু মেহকে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে হৰজিন্দৰ আৰু বংশিতাই ব্ৰঞ্জৰ পদক লাভ কৰে। পুৰুষৰ শাখাত লাভপ্ৰীত সিঙে ব্ৰঞ্জৰ পদক লাভ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ