নতুন দিল্লী, ০২ অক্টোবৰ (হি.স.)। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত বৃহস্পতিবাৰে পুৱা অনুষ্ঠিত হোৱা বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ৰোমাঞ্চকৰ প্ৰতিযোগিতাৰ মাজতে আৰু দুটা বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। ইৰাণৰ ছাইদ আফ্ৰুজে পুৰুষৰ জেভেলিন থ্ৰ’ এফ ৩৪ ইভেণ্টত নিজৰ অভিলেখ ভংগ কৰে, আৰু আলজেৰিয়াৰ ছাফিয়া জেলালে মহিলাৰ শ্বট পুট এফ ৫৭ ইভেণ্টত নিজৰ অভিলেখ ভংগ কৰে।
আফ্ৰুজৰ ৪১.৫২ মিটাৰৰ আকৰ্ষণীয় থ্ৰ’ই ২০২৪ চনৰ কোবেত স্থাপন কৰা ৪১.১৬ মিটাৰৰ নিজৰ অভিলেখ অতিক্ৰম কৰে। ইফালে জেলালে ২০২৪ চনত স্থাপন কৰা ১১.৬২ মিটাৰৰ নিজৰ অভিলেখ ১১.৬৭ মিটাৰ দলিয়াই উন্নত কৰে।
হেনীৰ হতাশাজনক অন্তঃ
ভাৰতৰ ১৯ বছৰীয়া হেনীৰ বাবে হতাশাজনক দিন আছিল। পুৰুষৰ ডিস্কাছ থ্ৰ’ এফ ৩৭ৰ ফাইনেলত অভিষেক ঘটা ৰোহটকৰ যুৱকজনে ৫১.২২ মিটাৰ থ্ৰ’ৰে উদ্বোধনী ৰাউণ্ডত অগ্ৰগতি লাভ কৰে। অৱশ্যে পৰৱৰ্তী প্ৰচেষ্টাত তেওঁ নিজৰ গতিবেগ বজাই ৰাখিব পৰা নাছিল।
মেক্সিকোৰ লুইছ কাৰ্লোছ লোপেজে দ্বিতীয়টো প্ৰচেষ্টাত ৫৬.৫৯ মিটাৰ অভিলেখ সৃষ্টি কৰি সোণৰ পদক লাভ কৰে।
চতুৰ্থ ৰাউণ্ডত ৫২.৭০ মিটাৰ থ্ৰ’ৰে অগ্ৰগতি লাভ কৰে ইউক্ৰেইনৰ মাইকোলা জাবনিয়াকে।
জাপানৰ ইয়ামাটো শ্বিম্বোৱে নিজৰ অন্তিম প্ৰচেষ্টাত ৫৪.৫০ মিটাৰ ব্যক্তিগত শ্ৰেষ্ঠ নিক্ষেপেৰে ৰূপৰ পদক দখল কৰে।
প্ৰথম ৰাউণ্ডত প’ডিয়ামৰ ওচৰ চাপি অহা হেনীয়ে অৱশেষত চতুৰ্থ স্থানলৈ পিছলি পৰে। তেওঁৰ চাৰিটা বৈধ থ্ৰ’ৰ ভিতৰত শেষৰটো আছিল ৪৬.৩৪ মিটাৰ। চাপত পৰি কনিষ্ঠ খেলুৱৈগৰাকীয়ে নিজৰ আকৰ্ষণীয় আৰম্ভণিক পদকলৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে।
ব্ৰাজিলৰ সোণালী পুৱা-
বৃহস্পতিবাৰে পুৱা ব্ৰাজিলৰ খেলুৱৈসকলে একেৰাহে দুটাকৈ সোণৰ পদক লাভ কৰি পদক ৰেংকিঙত নিজৰ আধিপত্য সুদৃঢ় কৰে।
পুৰুষৰ ৪০০ মিটাৰ টি৩৭ ইভেণ্টত ৫০.১৩ ছেকেণ্ডৰ নতুন মিট অভিলেখ গঢ়িবলৈ সক্ষম হয় বাৰ্টলমিউ ডা ছিলভাই।
তেওঁৰ সতীৰ্থ মাৰিয়া চি.এ. ডা ছিলভাই মহিলাৰ ৪০০ মিটাৰ টি৪৭ত ৫৬.১৭ ছেকেণ্ডত সোণৰ পদক লাভ কৰে।
এই কৃতিত্বৰ ফলত ব্ৰাজিলৰ পদকৰ সংখ্যা ১০টা সোণ, ১৫টা ৰূপ আৰু ৭টা ব্ৰঞ্জৰ পদকলৈ বৃদ্ধি পায়।
পদক তালিকা
ব্ৰাজিল – ১০ সোণ, ১৫ ৰূপ, ৭ ব্ৰঞ্জ
চীন – ৮ সোণ, ১০ ৰূপ, ৭ ব্ৰঞ্জ
পোলেণ্ড – ৭ টা সোণ, ১ টা ৰূপ, ৫ টা ব্ৰঞ্জ
ভাৰত – ৪ টা সোণ, ৪ টা ৰূপ, ১ টা ব্ৰঞ্জ
বৰ্তমান ভাৰত চতুৰ্থ স্থানত আছে। হেনীয়ে পদক লাভ কৰাত সফল হ'লে ভাৰতৰ স্থিতি আৰু অধিক শক্তিশালী হৈ উঠিলেহেঁতেন।
हिन्दुस्थान समाचार / অৰৱিন্দ