মুজাফ্ফৰাবাদ, ০২ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ প্ৰতিষ্ঠা হোৱাৰ শতবাৰ্ষিকী উপলক্ষে সংগঠনটোক অভিনন্দন জনাইছে বেলুচিস্তান গণৰাজ্যই । লগতে ভাৰতত ৰাষ্ট্ৰীয় ঐক্য গঢ়ি তোলাৰ সংগঠনটোৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছে।
বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ সক্ৰিয় সদস্য মীৰ ইয়াৰ বালোচে বৃহস্পতিবাৰে আৰ এছ এছলৈ বাৰ্তা প্ৰেৰণ কৰি কয় যে, “সংগঠনটোৰ ১০০ বছৰীয়া গৌৰৱময় সম্পূৰ্ণতাৰ এই ঐতিহাসিক অনুষ্ঠানত আমি ইয়াৰ প্ৰতিষ্ঠাপক, নেতৃত্ব আৰু প্ৰতিজন সদস্যলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো।”
এই বাৰ্তা অনুসৰি বুদ্ধিজীৱীক লালন-পালন কৰা, অনুশাসনৰ বীজ সিঁচাৰ, আৰু সাহস, ৰাষ্ট্ৰীয় ঐক্য, আৰু দৃঢ়তাৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ এক ঐক্যবদ্ধ দেশজোৰা মঞ্চ প্ৰদান কৰাত আৰ এছ এছে উল্লেখযোগ্য ভূমিকা পালন কৰিছে। সংগঠনটোৰ দৃষ্টিভংগী আৰু সমৰ্পণে অগণন ব্যক্তিক নিস্বাৰ্থভাৱে সমাজ আৰু ৰাষ্ট্ৰৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰিছে।
বালোচে কয় যে, “আমি কামনা কৰিছো যে সংঘৰ নেতৃত্বই ৰাষ্ট্ৰক একত্ৰিত কৰা, ইয়াৰ ঐতিহ্য ৰক্ষা কৰা, সাংস্কৃতিক মূল্যবোধ সংৰক্ষণ কৰা, আৰু ভৱিষ্যত প্ৰজন্মক শক্তি, সমন্বয় আৰু প্ৰগতিৰ দিশত আগুৱাই নিয়া আদি উন্নত অভিযানত সফলতা প্ৰাপ্ত কৰি যাওক।”
বাৰ্তাটোত উল্লেখ কৰা হৈছে যে পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ পৰা ভাৰতক মুক্ত কৰাৰ বাবে ৬ কোটি বেলুচ জনসাধাৰণে প্ৰতিশ্ৰুতিবদ্ধ। এই সময় কান্ধত কান্ধ মিলাই যৌথভাৱে ভূখণ্ডৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকিৰ সন্মুখীন হোৱাৰ সময়।
हिन्दुस्थान समाचार / অৰৱিন্দ