আহমেদাবাদ, ০২ অক্টোবৰ (হি.স.)। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা প্ৰথমখন টেষ্ট মেচত ভাৰতে আলহী ৱেষ্ট ইণ্ডিজক প্ৰথম ইনিংছত মাত্ৰ ১৬২ ৰানত সীমাবদ্ধ কৰি আউট কৰে। ৱেষ্ট ইণ্ডিজৰ অধিনায়ক ৰষ্টন চেজে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি লয়।
তেওঁৰ সিদ্ধান্ত ভুল বুলি প্ৰমাণিত হ’ল। মহম্মদ চিৰাজ আৰু জছপ্ৰিত বুমৰাহে আগতীয়াকৈ বিপৰ্যয়ৰ মুখলৈ থেলি দিছিল আৰু দলটোৱে ৪০ ৰানত চাৰিটা উইকেট হেৰুৱাই বিপজ্জনক পৰিস্থিতিৰ সন্মুখীন হয়। ছিৰাজে টেগ নাৰিন চণ্ডাৰপল (০), এলিক আথানাছে (১২), আৰু ব্ৰেণ্ডন কিঙ (১৩)ক আউট কৰাৰ বিপৰীতে জাছপ্ৰিত বুমৰাহে জন কেম্পবেলক (০৮) আউট কৰে।
ইয়াৰ পিছতে শ্বাই হোপে (২৬) চেজৰ সৈতে ৫০ ৰানৰ অংশীদাৰিত্ব ভাগ কৰি দলটোৰ স্ক’ৰ ৯০ লৈ বৃদ্ধি কৰে। এই স্ক’ৰত কুলদীপ যাদৱে হোপক বল কৰি ৱেষ্ট ইণ্ডিজক পঞ্চমটো উইকেট খহায়। হোপ আউট হোৱাৰ পিছত দুপৰীয়াৰ আহাৰ ঘোষণা কৰা হ’ল। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ অন্তত ছিৰাজে অধিনায়ক ৰষ্টন চেজক ১০৫ ৰানত আউট কৰি ভাৰতক ষষ্ঠ উইকেট প্ৰদান কৰে। ইয়াৰ পাছতে ৱাশ্বিংটন সুন্দৰে খাৰী পিয়েৰ (১১)ক দলৰ মুঠ ১৪৪ ৰানত আউট কৰি ভাৰতক সপ্তমটো উইকেট দিয়ে।
ইয়াৰ পাছতে জছস্প্ৰিট বুমৰাহে দুটা চমৎকাৰ ইয়ৰ্কাৰে জাষ্টিন গ্ৰীভছ (৩২) আৰু জোহান লায়নে (০১) আউট কৰে। ইফালে আলহী দলটোৰ মুঠ ১৬২ ৰানত কুলদীপ যাদৱে জোমেল ৱাৰিকানক ০৮ ৰানত ধ্ৰুৱ জুৰেলৰ হাতত কেচ আউট কৰি ৱেষ্ট ইণ্ডিজৰ ইনিংছৰ অন্ত পেলায়।
ভাৰতৰ হৈ মহম্মদ চিৰাজে ৪ উইকেট, জছস্প্ৰীত বুমৰাহ ৩, কুলদীপ যাদৱে ২ আৰু ৱাশ্বিংটন সুন্দৰে এটা উইকেট লাভ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ