ইছলামাবাদ, ১৮ অক্টোবৰ (হি.স.)। কাটাৰ চৰকাৰৰ মধ্য়স্থতাত শান্তি আলোচনাৰ বাবে অতি সোনকালে পাক–আফগান দুয়োপক্ষৰ প্ৰতিনিধিয়ে দোহাত বৈঠকত মিলিত হ’ব বুলি আশা ভংগ হোৱাৰ উপক্ৰম হৈছে। এই আলোচনা আজিৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল। শেহতীয়াকৈ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ এক বিবৃতিত ইংগিত পোৱা গৈছে যে শুকুৰবাৰে পাকিস্তানে পুনৰ আফগানিস্তানত সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি লৈছিল। পাকিস্তানৰ উত্তৰ ৱাজিৰিষ্টানত সামৰিক স্থাপনৰ কিছু সময়ৰ পিছতে আফগানিস্তানত এই আক্ৰমণ সংঘটিত হয়। ইছলামাবাদ আৰু কাবুলে দুদিনীয়া যুদ্ধবিৰতি বৃদ্ধি কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে সংঘটিত হোৱা এই আক্ৰমণে কাটাৰৰ এই প্ৰচেষ্টাত ভয়াৱহ আঘাত হানিছিল।
ডন কাকতত প্ৰকাশিত বাতৰি অনুসৰি পাকিস্তানৰ নিৰাপত্তাৰক্ষীৰ সূত্ৰই দাবী কৰিছে যে নিৰ্দিষ্ট আক্ৰমণৰ লক্ষ্য কৰি নিষিদ্ধ হাফিজ গুল বাহাদুৰ গোটৰ আংগুৰ আড্ডা অঞ্চল আৰু আফগানিস্তানৰ পাক্তিকা প্ৰদেশৰ উৰ্গুন আৰু বৰমাল জিলাৰ আত্মগোপন স্থানক লক্ষ্য কৰি লোৱা হৈছিল। এই আক্ৰমণত কেইবা ডজন যোদ্ধা নিহত হোৱা বুলি জানিব পৰা গৈছে।
তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে কয় যে আমাৰ বাহিনীসমূহ ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ সাজু। ইফালে, পাকিস্তানৰ নিৰাপত্তা সূত্ৰই দাবী কৰিছে যে আফগান চৰকাৰ আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধবিৰতি চুক্তিত সন্ত্ৰাসবাদী সংগঠন আৰু তেওঁলোকৰ আত্মগোপন স্থানৰ ওপৰত আক্ৰমণৰ কথা অন্তৰ্ভুক্ত কৰা হোৱা নাই।
পাকিস্তানী সেনাবাহিনীৰ কোনো বিবৃতি পোৱা নাই যদিও হাফিজ গুল বাহাদুৰ গোটৰ সৈতে জড়িত সন্ত্ৰাসবাদীয়ে মিৰ আলীৰ খাদী দুৰ্গত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। আন্তঃসেৱা জনসংযোগ সংস্থাইও হতাহতৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই যদিও নিৰাপত্তা সূত্ৰই দাবী কৰিছে যে তেওঁলোকে আটাইকেইজন আক্ৰমণকাৰীক হত্যা কৰি আক্ৰমণ বিফল কৰিছে।
প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে এক্সৰ ওপৰত এক বিবৃতিত কয় যে কাবুলৰ সৈতে সম্পৰ্ক আৰু আগৰ দৰে নহ’ব। তেওঁ লিখিছে, আৰু কোনো প্ৰতিবাদ পত্ৰ বা শান্তিৰ বাবে আবেদন নাথাকিব। কোনো প্ৰতিনিধি দল কাবুললৈ নাযাব। সন্ত্ৰাসবাদে, ইয়াৰ উৎস য'তেই নহওক কিয়, ইয়াৰ গধুৰ মূল্য দিব। আফগানিস্তানে “ভাৰতৰ কোলাত বহি পাকিস্তানৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা” বুলিও অভিযোগ কৰি আছিফে কয় যে ইছলামবাদে “কাবুলৰ সৈতে আৰু একে সম্পৰ্ক বজাই ৰাখিব নোৱাৰে”।
তেওঁ লিখিছে, পাকিস্তানৰ মাটিত বাস কৰা সকলো আফগান লোকে নিজৰ গৃহভূমিলৈ উভতি যাব লাগিব। এতিয়া কাবুলত তেওঁলোকৰ নিজা চৰকাৰ আছে। ইছলামিক বিপ্লৱৰ পাঁচ বছৰ পাৰ হৈ গ'ল। তেওঁলোকে পাকিস্তানৰ সৈতে চুবুৰীয়া দেশ হিচাপে থাকিব লাগিব। এই পোষ্টটোত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে পাকিস্তানী প্ৰতিনিধি দলৰ কাবুল ভ্ৰমণৰ বিষয়ে বিতংভাৱে উল্লেখ কৰাৰ লগতে আফগানিস্তানৰ পৰা চলি থকা সন্ত্ৰাসবাদী সংগঠনসমূহৰ কাৰ্যকলাপ আৰু মুঠ হতাহতৰ সংখ্যাৰ পৰিসংখ্যা প্ৰদান কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া