ৱাশ্বিংটন, ১৭ অক্টোবৰ (হি.স.)। ৱাশ্বিংটনত উপস্থিত হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কি। ইউক্ৰেইনলৈ দীৰ্ঘ দূৰত্বৰ টমাহক ক্ষেপণাস্ত্ৰৰ সম্ভাৱ্য যোগান সন্দৰ্ভত আজি তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে জেলেনস্কিৰ আমেৰিকালৈ অহাৰ কিছু সময়ৰ পূৰ্বে ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ডেৰ-দুঘণ্টীয়া ফোন বাৰ্তালাপ কৰে, তাৰ পিছত অহা দুসপ্তাহৰ ভিতৰত বুডাপেষ্টত দুয়োগৰাকী নেতাৰ মাজত দ্বিতীয়খন শীৰ্ষ সন্মিলনৰ কথা ঘোষণা কৰে।
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাৰ বাবে আমেৰিকাত উপস্থিত হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি। ইউক্ৰেইনৰ বাতৰি কাকত কিয়েভ পোষ্টৰ মতে, ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ইউক্ৰেইনলৈ দীৰ্ঘ দূৰত্বৰ টমাহক ক্ষেপণাস্ত্ৰ যোগানৰ বিষয়ে আলোচনা কৰিবলৈ ৱাশ্বিংটনত উপস্থিত হৈছে। এই সন্দৰ্ভত আজি তেওঁ ট্ৰাম্পৰ সৈতে আলোচনাত মিলিত হ’ব।
ইউক্ৰেইনে কিছুদিনৰ পৰা আমেৰিকাৰ পৰা দীৰ্ঘ দূৰত্বৰ টমাহক ক্ষেপণাস্ত্ৰ বিচাৰি আহিছে, যাৰ ফলত ইউক্ৰেইনৰ ডাঙৰ চহৰসমূহ ক্ষেপণাস্ত্ৰৰ দূৰত্বৰ ভিতৰত থাকিব। সোমবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে যদিহে ৰাছিয়াই যুদ্ধৰ অন্ত পেলাবলৈ আলোচনাৰ মেজলৈ নাহে তেন্তে তেওঁলোকে ইউক্ৰেইনক টমাহক ক্ষেপণাস্ত্ৰ যোগান ধৰিব পাৰে। ইউক্ৰেইনলৈ টমাহক ক্ষেপণাস্ত্ৰ যোগান ধৰাৰ ক্ষেত্ৰত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই আমেৰিকাই।
ইউক্ৰেইনলৈ টমাহক ক্ষেপণাস্ত্ৰ যোগান ধৰাৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূৰ্বে আমেৰিকাৰ সতৰ্কতা এই কথাৰ পৰা অনুমান কৰিব পাৰি যে জেলেনস্কিৰ সৈতে হোৱা আলোচনাৰ কিছু সময়ৰ পূৰ্বে ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে দীঘলীয়া ফোন কথোপকথন কৰিছিল। এই কথা-বতৰাৰ পিছত বুডাপেষ্টত দুয়োগৰাকী নেতাৰ মাজত এখন বৈঠকৰ ওপৰতো সহমতত উপনীত হয়।
ট্ৰাম্প-পুটিনৰ আলোচনা সন্দৰ্ভত জেলেনস্কিয়ে ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে যে ট’মাহক ক্ষেপণাস্ত্ৰৰ কথা শুনিলেই মস্কোৱে পুনৰ আলোচনা আৰম্ভ কৰিবলৈ আগ্ৰহী। তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে যে “মধ্যপ্ৰাচ্যত সন্ত্ৰাসবাদ আৰু যুদ্ধ ৰোধ কৰাত সফলতাই ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ যুদ্ধ শেষ কৰাত সহায় কৰিব”।
এই ফোন কলৰ সন্দৰ্ভত মস্কো টাইমছে ক্ৰেমলিনৰ উদ্ধৃতি দি কয় যে বৃহস্পতিবাৰে ভ্লাদিমিৰ পুটিন আৰু ড’নাল্ড ট্ৰাম্পৰ মাজত হোৱা এক অতি স্পষ্ট আৰু আত্মবিশ্বাসী ফোন কলৰ পিছত ৰাছিয়াই “তৎক্ষণাত” দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ মাজত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনৰ প্ৰস্তুতি আৰম্ভ কৰিব। ট্ৰাম্পে বুডাপেষ্ট শীৰ্ষ সন্মিলনৰ প্ৰস্তাৱ আগবঢ়াইছিল, যিটো পুটিনে “তৎক্ষণাত” সমৰ্থন কৰিছিল। ডেৰ-দুঘণ্টীয়া এই কথা-বতৰা ৰাছিয়াৰ উদ্যোগত সংঘটিত হয়।
উল্লেখ্য় যে বিগত ১৫ আগষ্টত আলাস্কাত অনুষ্ঠিত হোৱা পুটিন-ট্ৰাম্পৰ শীৰ্ষ সন্মিলন ব্যৰ্থ হোৱাৰ পিছত যোৱা দুমাহ ধৰি ইউক্ৰেইনৰ শান্তি চুক্তিৰ বাবে কূটনৈতিক প্ৰচেষ্টা হ্ৰাস পোৱাৰ সময়তে দুয়োগৰাকী নেতাৰ মাজত এই কথা-বতৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া