যুদ্ধবিৰতিৰ মাজতে আফগান সীমান্তত আত্মঘাতী আক্ৰমণত নিহত ৭ গৰাকী পাকিস্তানী জোৱান
পেছাৱাৰ, ১৭ অক্টোবৰ (হি.স.)। পাকিস্তান আৰু আফগানিস্তানৰ মাজত চলি থকা যুদ্ধবিৰতিৰ মাজতে শুকুৰবাৰে আফগান সীমান্তত আত্মঘাতী আক্ৰমণত ৭ জন পাকিস্তানী জোৱান নিহত হোৱাৰ লগতে ১৩ জন আহত হয়। প্ৰতিশোধমূলক গুলীত চাৰিজন উগ্ৰপন্থীও নিহত হয়। অব্যাহত থকা সামৰিক
पाकिस्तान अफगानिस्तान युद्ध


পেছাৱাৰ, ১৭ অক্টোবৰ (হি.স.)। পাকিস্তান আৰু আফগানিস্তানৰ মাজত চলি থকা যুদ্ধবিৰতিৰ মাজতে শুকুৰবাৰে আফগান সীমান্তত আত্মঘাতী আক্ৰমণত ৭ জন পাকিস্তানী জোৱান নিহত হোৱাৰ লগতে ১৩ জন আহত হয়। প্ৰতিশোধমূলক গুলীত চাৰিজন উগ্ৰপন্থীও নিহত হয়। অব্যাহত থকা সামৰিক সংঘাতৰ পাছত ১০ অক্টোবৰত দুয়োখন দেশে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছিল।

এই আক্ৰমণ সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই পাকিস্তানী সেনাই। উত্তৰ ৱাজিৰস্তানৰ পাকিস্তানী সামৰিক শিবিৰত উগ্ৰপন্থী আক্ৰমণৰ সময়ত সংঘটিত হৈছে এই ঘটনা। খবৰ অনুসৰি, এজন উগ্ৰপন্থীয়ে বিস্ফোৰক ভৰ্তি বাহন এখন শিবিৰৰ সীমান্তৰ দেৱালত খুন্দা মাৰে। আক্ৰমণৰ সময়ত আন দুজন উগ্ৰপন্থীয়ে শিবিৰত প্ৰৱেশৰ চেষ্টা চলাই নিহত হয়।

তাৎপৰ্যপূৰ্ণভাৱে পাকিস্তানে এই আক্ৰমণৰ আঁৰত আফগান তালিবান শাসনৰ সমৰ্থিত উগ্ৰপন্থীসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে, যিটো অভিযোগ আফগান প্ৰশাসনে অস্বীকাৰ কৰিছে। ইফালে, ১০ অক্টোবৰৰ পৰা আৰম্ভ হোৱা দুয়োখন দেশৰ মাজত সীমা বিবাদৰ সৃষ্টি হয় পাকিস্তানে আফগানিস্তানে উগ্ৰপন্থীক নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনোৱাৰ পিছতে।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বৃহস্পতিবাৰে কয় যে পাকিস্তানে ধৈৰ্য্য হেৰুৱাই পেলাইছে আৰু গ্ৰহণ কৰা পদক্ষেপসমূহ কেইবাটাও উগ্ৰপন্থী আক্ৰমণৰ প্ৰতিশোধ হিচাপে লোৱা হৈছে। ইয়াৰ পিছতো তেওঁৰ দেশ সংঘাত সমাধানৰ বাবে আলোচনাৰ বাবে মুকলি হৈ আছে।

আনহাতে পাকিস্তানে তালিবান প্ৰশাসনৰ অভিযোগ ধাৰাবাহিকভাৱে অস্বীকাৰ কৰি আহিছে যে পাকিস্তানী সেনাই নিজৰ চোৰাংচোৱা সংস্থা আন্তঃসেৱা চোৰাংচোৱা (আই এছ আই) ব্যৱহাৰ কৰি আফগানিস্তানৰ বিষয়ে ভুল তথ্য বিয়পাইছে, সীমান্তত উত্তেজনা সৃষ্টি কৰিছে, আৰু ইয়াৰ স্থিতিশীলতা আৰু সাৰ্বভৌমত্বক ক্ষতিগ্ৰস্ত কৰিছে।

মন কৰিবলগীয়া যে, ছৌদি আৰব আৰু কাটাৰে দুয়োপক্ষৰ মাজত মধ্যস্থতা কৰাৰ প্ৰস্তাৱ দিয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও কয় যে তেওঁ সংঘাত সমাধানত সহায় কৰিব পাৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande