মস্কো, ১৭ অক্টোবৰ (হি.স.)। দক্ষিণ ৰাছিয়াৰ এখন আদালতে সন্ত্ৰাসবাদৰ অভিযোগত ৰাছিয়াৰ সেনাই বন্দী হোৱা ১৫জন ইউক্ৰেইনৰ সৈনিকক দোষী সাব্যস্ত কৰি ১৫ৰ পৰা ২১ বছৰৰ কাৰাদণ্ড বিহা কৰিছে।
ইফালে ইউক্ৰেইনে এই বিচাৰক গৰিহণা দি ভণ্ডামি আৰু আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা বুলি অভিহিত কৰে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শুকুৰবাৰে ক্ৰষ্টভ অন ডনৰ সামৰিক আদালতে ৰাছিয়াই ইউক্ৰেইনৰ সেনাক সন্ত্ৰাসবাদী গোট বুলি অভিহিত কৰা “আইদাৰ” বেটেলিয়নৰ ১৫ জন জোৱানক দোষী সাব্যস্ত কৰি ১৫ৰ পৰা ২১ বছৰৰ কাৰাদণ্ড বিহে।
মাৰ্চ মাহৰ পিছত ইউক্ৰেইনৰ যুদ্ধবন্দীৰ বিৰুদ্ধে এইটোৱেই দ্বিতীয়টো গণ বিচাৰ। ইয়াৰ পূৰ্বে অভিজাত আজ’ভ ব্ৰিগেডৰ ২৩ জন জোৱানক একেধৰণৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছিল।
ইফালে ইউক্ৰেইনৰ মানৱ অধিকাৰৰ দূত ডিমাইট্ৰ’ লুবিনেটছে ২০২৩ চনত বিচাৰ আৰম্ভ হোৱাটো লজ্জাজনক বুলি অভিহিত কৰি অভিযোগ কৰে যে “ৰাছিয়াই নিজৰ গৃহভূমি ৰক্ষা কৰাসকলক অপৰাধমূলক কৰি তুলিছে”।
ৰাছিয়াৰ এটা আগশাৰীৰ মানৱ অধিকাৰ সংগঠন মেম’ৰিয়েলে এই সিদ্ধান্তক জেনেভা সন্ধিৰ স্পষ্ট উলংঘা বুলি অভিহিত কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ