নেপালৰ প্ৰধানমন্ত্ৰীৰ বিদেশী ৰাষ্ট্ৰদূতক আমন্ত্ৰণ কৰি সময়মতে নিৰ্বাচন অনুষ্ঠিত কৰাত সহায়ৰ আবেদন
কাঠমাণ্ডু, ১৭ অক্টোবৰ (হি.স.)। নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীয়ে ছমাহৰ ভিতৰত সংসদীয় নিৰ্বাচন অনুষ্ঠিত কৰি শান্তিপূৰ্ণভাৱে নিৰ্বাচিত চৰকাৰক ক্ষমতা হস্তান্তৰ কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰাৰ লগতে সকলো কূটনৈতি
विदेशी राजदूतों को संबोधित करती प्रधानमंत्री सुशीला कार्की


কাঠমাণ্ডু, ১৭ অক্টোবৰ (হি.স.)। নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীয়ে ছমাহৰ ভিতৰত সংসদীয় নিৰ্বাচন অনুষ্ঠিত কৰি শান্তিপূৰ্ণভাৱে নিৰ্বাচিত চৰকাৰক ক্ষমতা হস্তান্তৰ কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰাৰ লগতে সকলো কূটনৈতিক মিছনৰ পৰা সহযোগিতা বিচাৰি আবেদন জনাইছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত অনুষ্ঠিত কূটনৈতিক ব্রিফিঙত ভাষণ দি প্রধানমন্ত্রী কার্কীয়ে উল্লেখ কৰে যে অন্তৱৰ্তীকালীন চৰকাৰৰ একমাত্ৰ গুৰুত্ব ২০২৬ চনৰ ৫ মাৰ্চত প্রতিনিধি সদনৰ বাবে মুক্ত, নিকা, আৰু বিশ্বাসযোগ্য নির্বাচন অনুষ্ঠিত কৰা৷

পি এম কাৰ্কীয়ে কয় যে, “চৰকাৰকে ধৰি সকলো ৰাজ্যিক ব্যৱস্থাই বিশ্বাসযোগ্য নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় নিৰাপত্তা, আইনী কাঠামো, আৰু লজিষ্টিক ব্যৱস্থাপনা নিশ্চিত কৰাত মনোনিৱেশ কৰিছে।” তেওঁ লগতে কয় যে আমি নিৰ্বাচন আয়োগক শক্তিশালী কৰিছো, নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছো, আৰু সকলো ৰাজনৈতিক দল, অংশীদাৰ, আৰু জেন-জি প্ৰতিনিধিৰ সৈতে অহৰহ আলোচনা বজাই ৰাখিছো।’

তেওঁ গুৰুত্ব আৰোপ কৰে যে চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈছে আভ্যন্তৰীণ স্থিতিশীলতা আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বাবে এক নিৰাপদ পৰিৱেশ সুনিশ্চিত কৰা। কাৰ্কিয়ে কয় যে বহুদলীয় গণতন্ত্ৰ আমাৰ ৰাজনৈতিক ব্যৱস্থাৰ মূল শিলাস্তম্ভ, আৰু গণতান্ত্ৰিক মূল্যবোধ আৰু নীতি-নিয়মৰ প্ৰতি দায়বদ্ধতাই একমাত্ৰ আগবাঢ়ি যোৱাৰ পথ।

প্ৰধানমন্ত্ৰী কাৰ্কীয়ে লগতে শ্বেয়াৰ কৰে যে অস্থায়ীভাৱে বহিঃৰাজ্যত বাস কৰা নেপালী নাগৰিকসকলৰ নিৰ্বাচনী অধিকাৰ সুনিশ্চিত কৰাৰ বাবে বাহ্যিক ভোটদান ব্যৱস্থা প্ৰৱৰ্তনৰ সম্ভাৱনা চৰকাৰে অন্বেষণ কৰি আছে। তেওঁ উল্লেখ কৰে যে ইয়াক লাভ কৰাত সকলো দেশৰ দূতাবাসৰ পৰা সহযোগিতা আশা কৰে।

স্বচ্ছতা বজাই ৰখাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষকৰ ভূমিকাক আদৰণি জনাই তেওঁ কয় যে পূৰ্বৰ নিৰ্বাচনৰ দৰেই এই গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক অনুশীলনৰ সময়ত চৰকাৰে আন্তঃৰাষ্ট্ৰীয় সমৰ্থন আৰু সদিচ্ছাক মূল্য দিয়ে।

প্ৰধানমন্ত্ৰী কাৰ্কিয়ে কূটনীতিবিদসকলক জনাইছে যে স্থানীয় জনগোষ্ঠীসমূহে ক্ষতিগ্ৰস্ত আৰক্ষী চকীসমূহ মেৰামতি কৰিবলৈ আৰম্ভ কৰিছে, আৰু হেৰুৱা বা চুৰি হোৱা অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলি উদ্ধাৰৰ প্ৰচেষ্টা চলি আছে।

তেওঁ উল্লেখ কৰে যে জেন-জি আন্দোলনে সমগ্ৰ সমাজত সামূহিক দায়বদ্ধতাৰ এক প্ৰবল ভাৱ জগাই তুলিছে। কাৰ্কিয়ে কয় যে এই আন্দোলনে জনসাধাৰণৰ সুশাসন, অৰ্থনৈতিক সুযোগ, জনজীৱনত সততাৰ গভীৰ আকাংক্ষাক প্ৰতিফলিত কৰিছে।

বিদেশী ৰাষ্ট্ৰদূতসকলক সম্বোধন কৰি কাৰ্কীয়ে কয় যে, “এইটোৱেই হৈছে জনসাধাৰণৰ আস্থা পুনৰুদ্ধাৰ কৰাৰ, গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰাৰ, আৰু শাসন ব্যৱস্থাক অধিক স্বচ্ছতা আৰু জনসেৱাৰ দিশলৈ স্থানান্তৰিত কৰাৰ উপযুক্ত সময়।”

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande