টকিঅ’, ১৭ অক্টোবৰ (হি.স.)। জাপানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ বাবে অহা ২১ অক্টোবৰত সংসদীয় ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
দেশৰ নিম্ন সদনৰ সময়সূচী সমিতিৰ এজন জ্যেষ্ঠ সদস্যই শুকুৰবাৰে এই কথা ঘোষণা কৰে। তেওঁ কয় যে নতুন নেতা ছানাই তাকাইচিৰ নেতৃত্বত লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিয়ে এই তাৰিখৰ প্ৰস্তাৱ দিছিল যদিও চলি থকা মিত্ৰজোঁটৰ আলোচনাৰ উদ্ধৃতি দি বিৰোধী দলসমূহে আপত্তি কৰে।
ইফালে, এল ডি পিয়ে সংখ্যাগৰিষ্ঠতা লাভ আৰু মিত্ৰজোঁট সম্প্ৰসাৰণৰ বাবে সোঁপন্থী বিৰোধী জাপান ইনোভেচন পাৰ্টিৰ কাষ চাপিছে, যাৰ ফলত তাকাইচিয়ে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হ’ব পাৰে।
চলিত মাহৰ শেষৰ ফালে মালয়েছিয়া আৰু দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ জাপান ভ্ৰমণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কূটনৈতিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছে নতুন প্ৰধানমন্ত্ৰীগৰাকীয়ে। ছানাই তাকাইচি জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে।
মন কৰিবলগীয়া যে ২০২৫ চনৰ ছেপ্টেম্বৰৰ আৰম্ভণিতে তেতিয়াৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই হঠাতে প্ৰধানমন্ত্ৰী আৰু লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে।তাৰ পিছত ৪ অক্টোবৰত দলটোৰ নতুন নেতাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়, য’ত শ্বিনজিৰো ক’ইজুমিক পৰাস্ত কৰি ছানাই টাকাইচিয়ে জয়লাভ কৰে। টাকাইচিয়ে ১৮৫টা (৫৪.২৫ শতাংশ) আৰু কইজুমিয়ে ১৫৬টা (৪৫.৭৫ শতাংশ) ভোট লাভ কৰে। এই জয়ৰ লগে লগে টাকাইচি এলডিপিৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। প্ৰধানমন্ত্ৰী পদৰ বাবে এতিয়া স্বাভাৱিক প্ৰতিদ্বন্দ্বী হিচাপে পৰিগণিত হোৱাৰ লগতে এই পদত নিৰ্বাচিত হোৱাৰ সম্ভাৱনা অতিশয় বেছি।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া