পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ অভিযানত নিহত চাৰিজন উগ্ৰপন্থী
পেছাৱৰ, ১৭ অক্টোবৰ (হি.স.)। উত্তৰ ৱাজিৰস্তানৰ মিৰ আলী অঞ্চলত পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে এক আক্ৰমণ বিফল কৰি চাৰিজন উগ্ৰপন্থীক হত্যা কৰিছে। সূত্ৰসমূহে জনোৱা মতে, এজন আত্মঘাতী বোমাৰুৱে ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰ (আই ই ডি) ভৰ্তি এখন বাহন এখন নিৰা
पाकिस्तानी सुरक्षा बल


পেছাৱৰ, ১৭ অক্টোবৰ (হি.স.)। উত্তৰ ৱাজিৰস্তানৰ মিৰ আলী অঞ্চলত পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে এক আক্ৰমণ বিফল কৰি চাৰিজন উগ্ৰপন্থীক হত্যা কৰিছে।

সূত্ৰসমূহে জনোৱা মতে, এজন আত্মঘাতী বোমাৰুৱে ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰ (আই ই ডি) ভৰ্তি এখন বাহন এখন নিৰাপত্তা শিবিৰৰ দেৱালত খুন্দা মাৰে। ইফালে আন তিনিজন সশস্ত্ৰ উগ্ৰপন্থীয়ে শিবিৰটোত প্ৰৱেশৰ চেষ্টা চলায়।

অৱশ্যে নিৰাপত্তা বাহিনীয়ে প্ৰত্য়াক্ৰমণ কৰি আটাইকেইজনক হত্যা কৰে। এই আক্ৰমণত নিৰাপত্তাৰক্ষীৰ পক্ষৰ পৰা কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। সূত্ৰই জনোৱা মতে, বিগত দুদিনত নিৰাপত্তাৰক্ষীৰ বিভিন্ন অভিযানত ৮৮ জন উগ্ৰপন্থী নিহত হৈছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande