ৰাছিয়াৰ তেল ক্ৰয় কৰাটো একেবাৰে বৈধ - চীন
বেইজিং, ১৭ অক্টোবৰ (হি.স.)। আমেৰিকাৰ সৈতে বাণিজ্যিক বিবাদ বৃদ্ধি পোৱাৰ মাজতে চীনে ৰাছিয়াৰ তেল ক্ৰয় কৰাটো সম্পূৰ্ণৰূপে “বৈধ” বুলি স্পষ্টভাৱে উল্লেখ কৰিছে আৰু শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ “একপক্ষীয় ভাবুকি”ক তীব্ৰ গৰিহণা দিছে। ভ
चीनी नेता शी जिनपिंग


বেইজিং, ১৭ অক্টোবৰ (হি.স.)। আমেৰিকাৰ সৈতে বাণিজ্যিক বিবাদ বৃদ্ধি পোৱাৰ মাজতে চীনে ৰাছিয়াৰ তেল ক্ৰয় কৰাটো সম্পূৰ্ণৰূপে “বৈধ” বুলি স্পষ্টভাৱে উল্লেখ কৰিছে আৰু শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ “একপক্ষীয় ভাবুকি”ক তীব্ৰ গৰিহণা দিছে।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে চীনকো একে কাম কৰিবলৈ ক’ব বুলি বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে মন্তব্য কৰাৰ পিছতে বৃহস্পতিবাৰে চীনে এই বক্তব্য প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ট্ৰাম্পে চীন আৰু ভাৰতে এই ক্ৰয়ৰ জৰিয়তে তিনি বছৰীয়া ইউক্ৰেইন যুদ্ধৰ বাবে ধন আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু ইউৰোপীয় মিত্ৰ দেশসমূহে তৎক্ষণাত ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিবলৈও দাবী জনাইছে। এই সন্দৰ্ভত ভাৰতে নিজৰ নীতিৰ কোনো পৰিৱৰ্তন নিশ্চিত বা অস্বীকাৰ কৰা নাই।

ইফালে, ট্ৰাম্পে চীনক ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰিবলৈ অধিক হেঁচা দিয়াৰ উদ্দেশ্যৰ প্ৰতি সঁহাৰি জনাই বৃহস্পতিবাৰে চীনৰ বৈদেশিক মন্ত্ৰালয়ে “ৰাছিয়াকে ধৰি বিশ্বৰ দেশসমূহৰ সৈতে স্বাভাৱিক, বৈধ অৰ্থনৈতিক, বাণিজ্যিক আৰু শক্তি সহযোগিতাৰ” ৰক্ষা কৰে। মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানে সংবাদমেলত কয় যে, “আমেৰিকাৰ এই পদক্ষেপ একপক্ষীয় গুণ্ডাগিৰি আৰু অৰ্থনৈতিক চাপ বৃদ্ধিৰ এক সাধাৰণ উদাহৰণ।” তেওঁ সকীয়াই দিয়ে যে যদি চীনৰ স্বাৰ্থৰ ক্ষতি হয় তেন্তে চীনে “শক্তিশালী প্ৰতিকাৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু নিজৰ সাৰ্বভৌমত্ব দৃঢ়ভাৱে ৰক্ষা কৰিব।”

চীনে শেহতীয়াকৈ আমেৰিকাৰ ৰপ্তানি নিয়ন্ত্ৰণ বৃদ্ধি আৰু চীনৰ জাহাজত নতুন বন্দৰ মাচুল আৰোপ কৰাৰ পদক্ষেপকো সমালোচনা কৰি কয় যে এই ব্যৱস্থাসমূহে দুয়োখন মহাশক্তিৰ মাজত বাণিজ্যিক আলোচনাত “অতি ক্ষতিকাৰক” প্ৰভাৱ পেলাইছে। যদিও আমেৰিকা আৰু চীনৰ মাজত উত্তেজনা কিছু পৰিমাণে লাঘৱ হৈছে, তথাপিও এতিয়ালৈকে কোনো স্থায়ী সমাধান হোৱা নাই।

চীন আৰু ৰাছিয়া হৈছে প্ৰধান বাণিজ্যিক অংশীদাৰ, আৰু ইউক্ৰেইনৰ বিৰুদ্ধে চলি থকা যুদ্ধৰ সময়ত চীনে কেতিয়াও ৰাছিয়াক নিন্দা কৰা নাই বা সৈন্য প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনোৱা নাই। কিন্তু ইউক্ৰেইন আৰু পশ্চিমীয়া চৰকাৰে দীৰ্ঘদিন ধৰি চীনে ৰাছিয়াক ৰাজনৈতিক আৰু অৰ্থনৈতিক সহায় আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰি আহিছে।

ইফালে চীনে বিৰল খনন প্ৰযুক্তি আৰু খনিজ পদাৰ্থৰ ৰপ্তানিৰ ক্ষেত্ৰত নতুন নিয়ন্ত্ৰণ আৰোপ কৰাৰ পিছত ট্ৰাম্পে ১ নৱেম্বৰৰ পৰা চীনৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত ১০০ শতাংশ শুল্ক আৰোপ কৰিব বুলি ঘোষণা কৰে।এপ্ৰিল মাহত আমেৰিকাই চীনত ৩০১ নং ধাৰা অনুসৰি চীনত উপস্থিত হোৱা চীনত নিৰ্মিত আৰু পৰিচালিত জাহাজসমূহৰ ওপৰতো শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰি উদ্যোগটোত চীনৰ আধিপত্যক অন্যায় বুলি উল্লেখ কৰে। ১৯৭৪ চনৰ আমেৰিকাৰ বাণিজ্য আইনখনৰ ৩০১ নং ধাৰাত আমেৰিকাক এনে দেশত বাণিজ্যিক শাস্তি আৰোপ কৰাৰ কৰ্তৃত্ব দিয়া হৈছে যাৰ প্ৰথাক আমেৰিকাৰ বাণিজ্যৰ বাবে অন্যায় বা ক্ষতিকাৰক বুলি গণ্য কৰা হয়।

ইয়াৰ উত্তৰত চীনে যোৱা সপ্তাহত চীনৰ বন্দৰত উপস্থিত হোৱা আমেৰিকাৰ জাহাজসমূহৰ ওপৰত “বিশেষ বন্দৰ শুল্ক” ঘোষণা কৰিছিল। মঙলবাৰৰ পৰা কাৰ্যকৰী হয় দুয়োটা শুল্ক।

ইফালে চীনৰ বাণিজ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ হে ইয়ংকিয়ানে কয় যে আমেৰিকাই “চীনৰ আন্তৰিকতাক আওকাণ কৰিছে” আৰু এই ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে, যিবোৰ “চীনৰ স্বাৰ্থৰ বাবে অত্যন্ত গুৰুতৰ আৰু ক্ষতিকাৰক” হৈছে। চীনৰ বাণিজ্য মন্ত্ৰী ৱাং ৱেন্টাওৱে বেইজিঙত এপলৰ চিইঅ’ টিম কুকৰ সৈতে হোৱা বৈঠকৰ সময়ত আমেৰিকাই শেহতীয়া বাণিজ্যিক বিবাদৰ উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰে। মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি ৱাঙে আমেৰিকাৰ মুখ্য কাৰ্যবাহী বিষয়াক কয় যে চীন-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কৰ সামগ্ৰিক স্থিতিশীলতা বজাই ৰাখিবলৈ দুয়োপক্ষই একেলগে কাম কৰিব লাগিব।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande