শিৱসাগৰ, ১৬ অক্টোবৰ (হি.স.)। পুনৰ বৰ্হিঃৰাজ্যত অসমীয়া যুৱকৰ মৃত্যু। শিৱসাগৰৰ বানমুখ কাথপাৰৰ হিৰেন গগৈ নামৰ যুৱক জনৰ ৰাজস্থানত ৰহস্যজনক মৃত্যু। হিৰেন গগৈ পৰিয়ালৰ অজ্ঞাতে ৰাজস্থান গৈছিল। ৮ অক্টোবৰ তাৰিখে ৰাজস্থান অভিমুখে গৈছিল,হিৰেন গগৈৰ মৃত্যু ১২ অক্টোবৰ তাৰিখে হোৱা বুলি পৰিয়ালৰ ভাষ্য প্ৰদান। হিৰেন গগৈক জনৈক ৰমেন চুতীয়া নামৰ ব্যক্তিজনে পৰিয়ালৰ অজ্ঞাতে ৰাজস্থানলৈ পঠোৱাৰ অভিযোগ-মাতৃৰ অভিযোগ হিৰেন গগৈক হত্যা কৰা হৈছে-ৰমেন চুতীয়াৰ বিৰুদ্ধে কেইবাটাও অভিযোগ মাতৃৰ। জয়পুৰৰ গণেশ নামৰ ব্যক্তি জনৰ বিৰুদ্ধেও অভিযোগ হিৰেন গগৈৰ মাতৃৰ।
হিৰেন গগৈ ফোনযোগে তেঁওক মাৰপিট কৰাৰ লগতে আৰু যে জিয়াই নাথাকে এই বিষয়ে জনাইছিল মাতৃক।মাতৃৰ অভিযোগ ১২ অক্টোবৰ তাৰিখে মৃত্যু হোৱাৰ পাছটো ৰমেন চুতীয়াই মাতৃক জনোৱা নাছিল-পৰিয়ালৰ সদস্য ৰাজস্থানত যোৱাৰ পাছতহে হিৰেন গগৈৰ মৃত্যুৰ খবৰ ৰ বিষয়ে মাতৃ অৱগত হয়।
এজাহাৰত উল্লেখ কৰা অনুযায়ী ৰমেন চেতিয়াৰ আদেশত হিৰেন গগৈক হত্যা কৰাৰ অভিযোগ মাতৃৰ। ৰাজস্থানত কি পৰিবেশত হিৰেন গগৈ মৃত্যুক আকোৱালী লব লগা হল তাকলৈ এতিয়া শিৱসাগৰত চাঞ্চল্যৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সমগ্ৰ বিষয়টোত উচিত তদন্ত বিচাৰি শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা