গহপুৰত কাচ নিধন ,বন বিভাগে কৰায়ত্ব কৰিলে দুজনক, পলাতক ৩ জন
বিশ্বনাথ, ১৬ অক্টোবৰ (হি.স.)। গহপুৰত কাচ নিধন ।বন বিভাগে কৰায়ত্ব কৰিলে দুজনক, পলাতক ৩ জন। আইনগত ভাবে নিষিদ্ধ থকাৰ পাছতো কাচ নিধন কৰি বনবিভাগৰ হাতত কৰায়ত্ব হল গহপুৰ ডুবিয়া ২নং কুমাৰকটাৰ দুজন লোক । উল্লেখ যে , গাওঁ খনৰ শক্তি বৰুবাৰ ঘৰত চোৰাং কৈ
গহপুৰত কাচ নিধন ,বন বিভাগে কৰায়ত্ব কৰিলে দুজনক, পলাতক ৩ জন


বিশ্বনাথ, ১৬ অক্টোবৰ (হি.স.)। গহপুৰত কাচ নিধন ।বন বিভাগে কৰায়ত্ব কৰিলে দুজনক, পলাতক ৩ জন। আইনগত ভাবে নিষিদ্ধ থকাৰ পাছতো কাচ নিধন কৰি বনবিভাগৰ হাতত কৰায়ত্ব হল গহপুৰ ডুবিয়া ২নং কুমাৰকটাৰ দুজন লোক । উল্লেখ যে , গাওঁ খনৰ শক্তি বৰুবাৰ ঘৰত চোৰাং কৈ অনা ২৫ কেজি ওজনৰ কাচটো খাবলৈ কাটি থকা অৱস্থাত নিশা উপস্থিত হয় গহপুৰৰ বন বিভাগ আৰু আৰক্ষী ।

আৰক্ষী আৰু বন বিভাগৰ অভিযানত কাচ মাংস সহ কৰায়ত্ব হয় শক্তি বৰুৱা আৰু মিটু বৰুৱা । আনহাতে ,পলায়ন কৰিবলৈ সক্ষম হয় অবিনাশ ৰাজখোৱা ,বুবু গগৈ আৰু যুটি নাথ । ইতিমধ্যে , গহপুৰৰ বন বিভাগে তদন্ত আৰম্ভ কৰাৰ লগতে অধিক তথ্যৰ বাবে আটকাধীন দুয়োকে জেৰা চলাই আছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande