বাক্সাত জুবিন গাৰ্গৰ অনুৰাগীৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ ঘটনাৰ সন্দৰ্ভত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু আটাছু ৰ সভাপতি বসন্ত গগৈৰ প্ৰতিক্ৰিয়া
বাক্সা, ১৬ অক্টোবৰ (হি.স.)। বাক্সাৰ কাৰাগাৰাৰ সন্মুখত জুবিন গাৰ্গৰ অনুৰাগীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা আৰু গুলি চালনা কৰাৰ ঘটনাৰ সন্দৰ্ভত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু আটাছু ৰ সভাপতি বসন্ত গগৈৰ প্ৰতিক্ৰিয়া । শৃংখল চলিহাই উল্লেখ কৰে যে, জুবিন
বাক্সাত জুবিন গাৰ্গৰ অনুৰাগীৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ ঘটনাৰ সন্দৰ্ভত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু আটাছু ৰ সভাপতি বসন্ত গগৈৰ প্ৰতিক্ৰিয়া


বাক্সা, ১৬ অক্টোবৰ (হি.স.)। বাক্সাৰ কাৰাগাৰাৰ সন্মুখত জুবিন গাৰ্গৰ অনুৰাগীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা আৰু গুলি চালনা কৰাৰ ঘটনাৰ সন্দৰ্ভত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু আটাছু ৰ সভাপতি বসন্ত গগৈৰ প্ৰতিক্ৰিয়া । শৃংখল চলিহাই উল্লেখ কৰে যে, জুবিন গাৰ্গৰ ভালপোৱা মানুহবোৰে স্বতঃস্ফূৰ্ত ভাবে প্ৰতিবাদ কৰিছিল, প্ৰথমে আৰক্ষী লাঠী চালনা কৰিছে, প্ৰথমে লাঠী চালনা কৰা আৰক্ষী বিষয়া জনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নায়। তেও কয়, ৰাজনৈতিক দল সমূহে ৰাজনীতি কৰিছে, জুবিন গাৰ্গৰ ন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা লোক সকলক কোনেও পইচা দি অনা নাই।

শৃংখলৰ প্ৰশ্ন,এই চৰকাৰৰ দিনত আমি বহু এনকাউণ্টাৰ দেখিলো কিন্তু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শর্মাৰ অসমৰ প্ৰতি কি অৰিহণা আছে যে তেওঁলোকক দুটা গুলি মাৰিবলৈ অসম আৰক্ষী সাহস কৰা নাই । থলগিৰি মানুহে ন্যায় বিচাৰিছে ,শ্যামকানু মহন্তৰ চীল কৰা ঘৰৰ পুনৰ মানুহ থকাৰ বিষয়ৰ সন্দৰ্ভতো শৃংখলৰ প্ৰতিক্ৰিয়া। শ্যামকানু আৰু সিদ্ধাৰ্থক দুটা চৰ মাৰি অসম আৰক্ষীয়ে বীৰত্ব দেখুৱাওক নিৰস্ত্ৰ মানুহৰ ওপৰত নহয় বুলি শৃংখলৰ মন্তব্য।

আনহাতে আটাছুৰ সভাপতি বসন্ত গগৈৰ প্ৰতিক্ৰিয়া-বাক্সা জিলাৰ ঘটনা অপ্ৰত্যাশিত। অভিযুক্তই শাস্তি পোৱাটো অসমৰ ৰাইজে বিচাৰিছে বহু ক্ষেত্ৰত অসম চৰকাৰৰ সোপাধিলা নীতিৰ বাবে ৰাইজে সেই কথা দেখা নাই সেই কাৰণে ক্ষোভৰ উদ্গিৰণ হৈছে। এই অনাকাংক্ষিত পৰিবেশৰ বাবে

অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীক দোষী বুলি উল্লেখ কৰি চাকৰীৰ পৰা নিলম্বিত কৰিবলৈ দাবী।

কোনে ক্ষেত্ৰত যাতে নিৰীহৰ তেজেৰে ৰাঙলী নহয় তাৰবাবে অসম আৰক্ষীয়ে ব্যৱস্থা কৰিবলৈ আৰু শ্যামকানু মহন্তৰ ঘৰকে ধৰি সকলো চীল কৰিবলৈ দাবী জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande