মৰিগাঁও, ১৬ অক্টোবৰ (হি.স.)। মৰিগাঁও জিলাৰ মৈৰাবাৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। যোৱা কালি বুধবাৰে নিশা ১১ মান বজাত মৈৰাবাৰী বজাৰত থকা মাছ মহলৰ নিলাম গৃহৰ ওচৰত থকা এটি হোটেলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিকাণ্ডত ব্যৱসায়ী সকলৰ কেইবা লাখ টকাৰ ক্ষয় ক্ষতি হয়। এই অগ্নিকাণ্ড কেনেদৰে সংঘটিত হ‘ল তাৰ কাৰণ এতিয়া পৰ্যন্ত জানিব পৰা হোৱা নাই। অগ্নিকাণ্ডৰ লগে লগে ব্য়ৱসায়ী তথা উপস্থিত লোকসকলে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা চলায়। একেদৰে খবৰ পাই উপস্থিত হোৱা মৈৰাবাৰীত থকা অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত ৰাতিয়েই জুই নুমাবলৈ সক্ষম হয়।
উল্লেখ যে, মৈৰাবাৰী বজাৰৰ মাজ মজিয়াত ফুট পাথত একাংশ অস্থায়ী দোকানীয়ে বহুওৱা দোকান সমূহৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী সোমাওঁতে যথেষ্ট পলম হৈছিল।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা