মণিপুৰত পৃথক পৃথক অভিযানত গ্ৰেপ্তাৰ ৫ উগ্ৰপন্থী
ইম্ফল, ১৬ অক্টোবৰ (হি.স.)। হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে অব্যাহত ৰাখিছে তালাচী অভিযান। এই সন্দৰ্ভত বিভিন্ন সংগঠনৰ ৫ গৰাকী কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে তীব্ৰ জেৰা অব্যাহত ৰাখিছে। আজি
मणिपुर- अलग-अलग अभियानों में गिरफ्तार पांच उग्रवादी एवं वाहनों की तलाशी करते पुलिस एवं सुरक्षा बलों के जवान


ইম্ফল, ১৬ অক্টোবৰ (হি.স.)। হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে অব্যাহত ৰাখিছে তালাচী অভিযান। এই সন্দৰ্ভত বিভিন্ন সংগঠনৰ ৫ গৰাকী কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে তীব্ৰ জেৰা অব্যাহত ৰাখিছে।

আজি এক আনুষ্ঠানিক বিবৃতিত মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে ইম্ফল পূৱ জিলাৰ আন্দ্ৰো থানা এলেকাৰ অন্তৰ্গত নগৰিয়ান পাহাৰৰ পাদদেশৰ পৰা ইম্ফল পূৱ জিলাৰ হুইকাপ গাঁৱৰ পৰা দুজন প্ৰিপাক কৰ্মীক নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰে। লাইটনজাম লাকী সিং (৩২) আৰু সোৰাইশাম আথয় সিং (৪২)। তেওঁলোকৰ পৰা জব্দ দুটা মোবাইল ফোন।

ইয়াৰ উপৰি নিৰাপত্তা বাহিনীয়ে ইম্ফল পূৱ জিলাৰ কাইৰাং চিংয়া আৱাং লেইকাইৰ নিবাসী মহম্মদ ইমৰাণ খান ওৰফে লেইংকাপা (২০) নামৰ এজন সক্ৰিয় কেচিপি কেডাৰক নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।

আনহাতে মঙলবাৰে ইম্ফল পশ্চিম জিলাৰ চিংজামেই থানাৰ অন্তৰ্গত হাওবাম মাৰ্ক লৌৰেম্বাম লেইকাই অঞ্চলৰ পৰা ইউএনএলএফ (পি)ৰ দুজন কেডাৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বিষ্ণুপুৰ জিলাৰ নৰসেনা মামাং লেইকাইৰ বাসিন্দা লেইছাংথেম শিঙাজিৎ মেইটেই (২২) আৰু বিষ্ণুপুৰ জিলাৰ থিনুংগেই মায়াই লেইকাইৰ বাসিন্দা সোৰোখাইবাম দয়ানন্দ সিং ওৰফে ঙানবা (২৮)। ইম্ফল পশ্চিম জিলাৰ হাওবাম মাৰ্ক লৌৰেম্বাম লেইকাই অঞ্চলৰ বাসিন্দাক ভাবুকি প্ৰদান কৰাত জড়িত আছিল। তেওঁৰ হাতৰ পৰা মেগজিনসহ এটা ৯ এম এম পিষ্টল, দুটা মোবাইল ফোন, আৰু আধাৰ কাৰ্ড থকা এটা মানিবেগ উদ্ধাৰ।

ইফালে বিভিন্ন জিলাৰ সীমান্ত আৰু স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰু এলেকা নিয়ন্ত্ৰণ অব্যাহত ৰাখিছে। ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনা ১৩০খন বাহনৰ চলাচল নিশ্চিত কৰা হৈছে। সকলো স্পৰ্শকাতৰ স্থানতে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে, আৰু স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তাৰক্ষীৰ কনভয় নিয়োগ কৰা হৈছে যাতে বাহনৰ মুক্ত আৰু নিৰাপদ চলাচল নিশ্চিত কৰা হয়। মণিপুৰৰ বিভিন্ন জিলাত পাহাৰ আৰু উপত্যকা দুয়োটা অঞ্চলত মুঠ ১১৫টা নাকা/চেকপইণ্ট স্থাপন কৰা হৈছিল যদিও কাকো আটক কৰা হোৱা নাছিল।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande