কৰ্তব্যৰত সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান বাৰ্তাজীৱী সংঘৰ
বাক্সা, ১৬ অক্টোবৰ (হি.স.)। বাক্সা জিলাত বুধবাৰে কৰ্তব্যৰত সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণক ধিক্কাৰ দিছে বিভিন্ন দল সংগঠন তথা সচেতন মহলে। ইফালে সাংবাদিকৰ ওপৰত হোৱা এই আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে অসম বাৰ্তাজীৱী সংঘই৷ সকলো পক্ষকে সংযত হ’বলৈ আহ্বান
কৰ্তব্যৰত সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান বাৰ্তাজীৱী সংঘৰ


বাক্সা, ১৬ অক্টোবৰ (হি.স.)। বাক্সা জিলাত বুধবাৰে কৰ্তব্যৰত সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণক ধিক্কাৰ দিছে বিভিন্ন দল সংগঠন তথা সচেতন মহলে। ইফালে সাংবাদিকৰ ওপৰত হোৱা এই আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে অসম বাৰ্তাজীৱী সংঘই৷

সকলো পক্ষকে সংযত হ’বলৈ আহ্বান জনাইছে সদৌ অসম বাৰ্তাজীৱী সংঘই৷

উল্লেখ্য যে বাক্সা কাৰাগাৰলৈ যোৱাকালি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাহতক নিয়াৰ সময়ত স্থানীয় একাংশ লোক উগ্ৰ হৈ পৰে আৰু এই উগ্ৰ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ গালৈ শিিলগুটি নিক্ষেপ কৰে। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ এই অৰিয়াঅৰিত সেই সময়ত তাত কৰ্তব্যৰত সাংবাদিক সকলৰ বহুতে আহত হয় আৰু চিকিতসালয়ত ভৰ্তি কৰিবলগীয়া হয়। সাংবাদিকৰ লগতে সংবাদ মাধ্যমৰ গাড়ীতো আত্ৰুমণ কৰে একাংশ উগ্ৰ প্ৰতিবাদকাৰীয়ে। এই ঘটনাক তীব্ৰ গৰিহণা জনালে সদৌ অসম বাৰ্তাজীৱী সংঘৰ সম্পাদক মুকুট ৰাজ শৰ্মাৰ । কৰ্তব্যৰত সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীকো আহ্বান জনায় শৰ্মাই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande