ঢাকা, ১৬ অক্টোবৰ (হি.স.)। বাংলাদেশ জাতীয়তাবাদী পাৰ্টি (বিএনপি)ৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াক চিকিৎসকৰ পৰামৰ্শ মতে আজি পুৱা ৰাজধানীৰ এভাৰ কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। বিএনপিৰ মিডিয়া চেলৰ সদস্য শ্বেৰুল কবীৰ খানে এই কথা নিশ্চিত কৰিছে।
ঢাকা ট্ৰিবিউন কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি বুধবাৰে নিশা প্ৰায় ১১:৪০ বজাত বিএনপিৰ মুৰব্বীগৰাকীক গুলশান বাসগৃহত চিকিৎসালয়লৈ লৈ যোৱা হয়। নিৰীক্ষণ কৰা মেডিকেল ব’ৰ্ডৰ পৰামৰ্শ মতে আজি পুৱাই তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
প্ৰায় ৮০ বছৰীয়া খালেদা জিয়া দীৰ্ঘদিন ধৰি স্বাস্থ্যজনিত জটিলতাই জুৰুলা কৰি আহিছে। লিভাৰ চিৰ’ছিছ, বৃক্কৰ সমস্যা, হৃদৰোগ, ডায়েবেটিছ, বাতবিষ আদি ৰোগত আক্ৰান্ত। ২৮ আগষ্টত এই চিকিৎসালয়তে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল।
চলিত বৰ্ষৰ আৰম্ভণিতে ৮ জানুৱাৰীত উন্নত চিকিৎসাৰ বাবে লণ্ডনলৈ গৈছিল খালেদা জিয়া। লণ্ডনৰ এখন ক্লিনিকত ১৭ দিনৰ বাবে ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পিছতে তেওঁ পুত্ৰ তাৰিক ৰহমানৰ বাসগৃহত বিশেষজ্ঞ চিকিৎসক অধ্যাপক পেট্ৰিক কেনেডী আৰু অধ্যাপক জেনিফাৰ ক্ৰছৰ তত্বাৱধানত চিকিৎসা অব্যাহত ৰাখে। যোৱা ৬ মে’ত ব্ৰিটেইনৰ পৰা ঘৰলৈ উভতি অহা বিএনপিৰ মুৰব্বীগৰাকীয়ে তেতিয়াৰ পৰাই এভাৰ কেয়াৰ হাস্পতালৰ অধ্যাপক চাহাবুদ্দিন তালুকদাৰৰ নেতৃত্বত চিকিৎসা ব’ৰ্ডৰ তত্বাৱধানত আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ