গোলাঘাটৰ পৰা কাজিৰঙাৰ পুনৰ সংস্থাপন কেন্দ্ৰলৈ অনা আহত বন্যহস্তীৰ পোৱালিৰ মৃত্যু
গোলাঘাট, ১৬ অক্টোবৰ (হি.স.)। গোলাঘাটৰ পৰা কাজিৰঙাৰ পুনৰ সংস্থাপন কেন্দ্ৰলৈ চিকিতসাৰ বাবে অনা আহত বন্যহস্তীৰ পোৱালিটোৰ ইতিমধ্য়ে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। গোলাঘাটৰ পৰা কাজিৰঙাৰ পুনৰ সংস্থাপন কেন্দ্ৰলৈ যোৱা ১১ অক্টোবৰত অনা হৈছিল আহত বন্যহস্
গোলাঘাটৰ পৰা কাজিৰঙাৰ পুনৰ সংস্থাপন কেন্দ্ৰলৈ অনা আহত বন্যহস্তীৰ পোৱালিৰ মৃত্যু


গোলাঘাট, ১৬ অক্টোবৰ (হি.স.)। গোলাঘাটৰ পৰা কাজিৰঙাৰ পুনৰ সংস্থাপন কেন্দ্ৰলৈ চিকিতসাৰ বাবে অনা আহত বন্যহস্তীৰ পোৱালিটোৰ ইতিমধ্য়ে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। গোলাঘাটৰ পৰা কাজিৰঙাৰ পুনৰ সংস্থাপন কেন্দ্ৰলৈ যোৱা ১১ অক্টোবৰত অনা হৈছিল আহত বন্যহস্তীৰ পোৱালিটোক।

আহত বন্যহস্তীৰ পোৱালিটোৰ উন্নত চিকিৎসা সেৱাৰ বাবে গোলাঘাটৰ পৰা কাজিৰঙাৰ কেন্দ্ৰলৈ আনি চিকিৎসা সেৱা আগবঢ়ায় যদিও বৃহস্পতিবাৰে পোৱালিটোৰ মৃত্যু ঘটে। চিকিৎসকে জনায় যে পোৱালি টোৰ হাড়ভঙা নাছিল যদিও আভ্যন্তৰীণ ৰক্তক্ষৰণ আৰু মেৰুদণ্ডৰ আঘাতৰ বাবে মৃত্যু হয় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande