সমগ্ৰ বাক্সা জিলাত ইণ্টাৰনেট সেৱা কৰ্তন
গুৱাহাটী, ১৬ অক্টোবৰ (হি.স.)। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ৫ অভিযুক্তক বাক্সা কাৰাগাৰলৈ নিয়াৰ পিছতে বুধবাৰে উদ্ভৱ হোৱা শেহতীয়া আইন-শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বাক্সা জিলাত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। শেহতীয়া পৰি
সমগ্ৰ বাক্সা জিলাত ইণ্টাৰনেট সেৱা কৰ্তন


গুৱাহাটী, ১৬ অক্টোবৰ (হি.স.)। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ৫ অভিযুক্তক বাক্সা কাৰাগাৰলৈ নিয়াৰ পিছতে বুধবাৰে উদ্ভৱ হোৱা শেহতীয়া আইন-শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বাক্সা জিলাত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। শেহতীয়া পৰিস্থিতিক লৈ ৰাজ্যৰ গৃহ বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। সকলো ম’বাইল সেৱা প্ৰদানকাৰীৰ ইণ্টাৰনেট সেৱা আৰু ম’বাইল ডাটা সেৱা কৰ্তন কৰাৰ নিৰ্দেশনা দিয়া হৈছে। পৰৱৰ্তী জাননী নিদিয়ালৈ প্ৰযোজ্য থাকিব এই নিৰ্দেশনা। এই সময়ছোৱাত ভইচ কল আৰু ব্ৰডবেণ্ড সংযোগৰ টেলিফোন লাইন অব্যাহত থাকিব। ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে।

উল্লেখযোগ্য যে জুবিনৰ মৃত্যুৰ ঘটনাৰ ৫ অভিযুক্তক বাক্সা কাৰাগাৰলৈ নিয়াৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। পাঁচ অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ ১৪ দিনৰ চিআইডি জিম্মাৰ ম্যাদ বুধবাৰে অন্ত পৰাৰ পিছত আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। গুৱাহাটী চেণ্ট্ৰেল জে’লৰ পৰিৱৰ্তে ৫ অভিযুক্তক বাক্সা কাৰাগাৰলৈ প্ৰেৰণ কৰে। কিন্তু ৫ অভিযুক্তক বাক্সাৰ কাৰাগাৰলৈ নিক্ষেপ কৰাৰ পাছতেই প্ৰতিবাদত উত্তাল হৈছিল বাক্সাৰ নিকাছী। আৰক্ষীয়ে প্ৰতিবাদৰ মাজতে আটাইকেইজন অভিযুক্তক বাক্সা কাৰাগাৰত প্ৰৱেশ কৰায়। কিন্তু তাৰ পিছতে কাৰাগাৰৰ বাহিৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কাৰাগাৰৰ বাহিৰত ক্ষুব্ধ প্ৰতিবাদকাৰী-আৰক্ষীৰ হতাহতিও লাগে। আনহাতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। এই ঘটনাত এজন যুৱক গুলীবিদ্ধ হয়। দীপক মেধি নামৰ যুৱকজনৰ বাঁওপিঠিত আৰক্ষীৰ গুলী লাগিছিল । ইয়াৰ পিছতে চাংসাৰিৰ এইমছত সম্পন্ন হৈছিল দীপকৰ অস্ত্ৰোপচাৰ। বাক্সাত আৰক্ষীৰ গুলীত আহত দীপক মেধি সম্প্ৰতি সংকটমুক্ত বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande