সাহা এন্টাৰপ্ৰাইজৰ নতুন কাৰ্যালয় উদ্বোধন
গ্ৰেণ্ড অফিচ উদ্বোধনী অনুষ্ঠান ২০২৫
সাহা এন্টাৰপ্ৰাইজৰ নতুন কাৰ্যালয় উদ্বোধন


কোকৰাঝাৰ, ১৬ অক্টোবৰ (হি.স.): চৰকাৰী সামগ্ৰী যোগান, বিদ্যালয়ৰ সামগ্ৰী আদি যোগান ধৰা প্ৰতিষ্ঠানৰ এটি কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠান যোৱা কালি বুধবাৰে সন্ধিয়া উৎসবমুখৰ পৰিৱেশত অনুষ্ঠিত হয়। এই অনুষ্ঠানত M/S Franco Enterprise আৰু GDS Enterprise-ৰ অংশীদাৰ সংস্থা M/S Saha Enterprise-এ নিজৰ নতুন কাৰ্যালয় উদ্বোধন কৰে।

সংস্থাখনে মুখ্যকৈ চৰকাৰী সামগ্ৰী যোগান, বিদ্যালয়ৰ সামগ্ৰী আৰু সৌৰ শক্তি প্ৰকল্পৰ পেনেল যোগানৰ ক্ষেত্ৰত কাম কৰি আহিছে। উদ্বোধনী অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে সন্তোষ তৰফদাৰ আৰু জয়দীপ ঘোষ লগতে উপস্থিত থাকে স্বত্বাধিকাৰী শিৱ শংকৰ সাহা আৰু মণিলাল বসুমতাৰী। তেওঁলোকে এই নতুন পদক্ষেপৰ জৰিয়তে স্থানীয় সমৃদ্ধি আৰু উদ্যোগৰ বিকাশত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানটো সফলভাৱে সমাপ্ত হয় আৰু উপস্থিত অতিথিসকলেই সংস্থাখনৰ আগলৈও উন্নতি কামনা কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande