ধেমাজি, ১৬ অক্টোবৰ (হি.স.)। অহা ২৩,২৪ ,২৫ আৰু ২৬ অক্টোবৰত টি এম পি কে ৰ উদ্যোগত গোগামুখ মিচিং স্পৰ্টছ কাৰ্নিভেল আয়োজনৰ ব্যাপক প্ৰস্তুতি চলিছে। গোগামুখত মিচিং স্পৰ্টছ কাৰ্নিভেল উদযাপন সমিতিৰ বিষয়ববীয়াসকলে আজি এক সংবাদমেলৰ জৰিয়তে এই সন্দৰ্ভত অধিক জানিবলৈ দিয়ে।
চাৰিদিনীয়াকৈ কাৰ্যসূচীৰে অনুষ্ঠিত ক্ৰীড়া সমাৰোহত অলিম্পিক সন্থাই অনুমোদন জনোৱা খেলসমূহৰ ওপৰিও মিচিং জনগোষ্ঠীৰ খেল সমূহক লৈ প্ৰায় ১৮ বিধ খেলৰ প্ৰতিযোগিতা গোগামুখ মহাবিদ্যালয়,গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় ,জংকিপানৈ উচ্চ মাধ্যমিক বিদ্যালয় আৰু গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাই থকা হৈছে।
ইয়াৰ পূৰ্বেও দুবাৰকৈ মিচিং স্পৰ্টছ কাৰ্নিভেল অনুষ্ঠিত কৰি সফল আৰু ফলপ্ৰসূ ভাবে ৰূপায়ন কৰিবলৈ সক্ষম হৈছে টি এম পি কেই।এই স্পৰ্টছ কাৰ্নিভেলেই তৃতীয় সংস্কৰণ অনুষ্ঠিত হ'ব ২৩ তাৰিখৰ পৰা।
২ কোটি টকা ব্যয় সাপেক্ষে অনুষ্ঠিত স্পৰ্টছ কাৰ্নিভেল বা তৃতীয় মিচিং ক্ৰীড়া সমাৰোহত অসমৰ ভিন্ন প্ৰান্তৰ সম্ভাৱনাময় আৰু ভিতৰুৱা অঞ্চলৰ পৰা নিৰ্বাচিত প্ৰায় ৩০০০ খেলুৱৈ অংশ গ্ৰহণ কৰিব বুলি আজি গোগামুখ চিলিমপুৰৰ আবতানি লত্তাত অনুষ্ঠিত সংবাদমেলযোগে জানিবলৈ দিয়ে আয়োজক সকলে।
অনুষ্ঠানটিত সকলোৰে সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা