লক্ষিমপুৰ, ১৬ অক্টোবৰ (হি.স.): লক্ষিমপুৰ জিলাৰ নাৰায়ণপুৰ ভোগপুৰস্থিত পিছলাপৰীয়া কুন্দিমামা গোঁসানী শালৰ সন্মুখৰ দলং নিৰ্মাণত ব্যাপক দূৰ্নীতিৰ অভিযোগ তুলিলে স্থানীয় ৰাইজে। পথালিপাহাৰ গাঁও পঞ্চায়তৰ পৰা আবন্তিত প্ৰায় ১৮ লাখ টকাৰে নিৰ্মাণ কৰি থকা দলং খন ঠিকাদাৰে পুৰণা দলংৰ ওপৰতে নতুন দলঙৰ নিৰ্মান কাৰ্য কৰাৰ অভিযোগ কৰে ৰাইজে।
বৃহত্তৰ অঞ্চলটোৰ ভূমিপুত্ৰ দেউৰী ৰাইজৰ একমাত্ৰ উপাসনাস্থলী ভাগলৈ অহা যোৱা কৰিবৰ বাবে নিৰ্মাণ কৰি থকা দলং খনৰ নিৰ্মাণ কাৰ্যত হৈ থকা দূৰ্নীতিৰ বিষয়ে ইতিমধ্যে ৰাইজ একগোট হৈ স্থানীয় বিধায়ক আৰু নাৰায়ণপুৰ খণ্ড উন্নয়ণ বিষয়াকো লিখিত ভাৱে অৱগত কৰিছে বুলি ৰাইজে সংবাদ মাধ্যমৰ আগত অৱগত কৰে। অতি শীঘ্ৰে পুৰণা দলং ভাঙি নতুনকৈ নিৰ্মাণ নকৰিলে পৰৱৰ্তী সময়ত আইৰ কাষ চপাৰো হুংকাৰ দিয়ে ক্ষোভিত ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ