গোলাঘাট, ১৬ অক্টোবৰ (হি.স.)। নুমলীগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত নিহত চাইকেল আৰোহী। 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বকিয়াল সংযোগী পথত ডাম্পাৰে মহতিয়াই নিলে এজনক। ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় লোক জনৰ। কামৰ পৰা নিজ গৃহলৈ বুলি চাইকেলেৰে আহি থকা অৱস্থাত চুমনিত এএছ ০৫এচি ৭২৪১ নম্বৰৰ ডাম্পাৰ খনে মহতিয়াই নিয়ে লোকজনক।
ডাম্পাৰ খনে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে । নিহত লোক জনক বগীধলাৰ অৰ্জুন কুমাৰ বুলি চিনাক্ত কৰা হৈছে। ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু ডাম্পাৰ সহ পলায়ন কৰা চালক জনক বিচাৰি ইতিমধ্য়ে উজনী নামনি অসমৰ সকলো আৰক্ষী থানাক সতৰ্ক কৰি দিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা