ইয়াবা টেবলেট সহ বাংলাদেশী নাগৰিক আটক
শ্ৰীভুমি, ১৬ অক্টোবৰ (হি.স.)। শ্ৰীভূমিত সীমান্ত সুৰক্ষা বাহিনীৰ চোৰাং চোৱা বিভাগৰ খবৰৰ ভিত্তিত সীমান্ত সুৰক্ষা বাহিনীৰ ১৬ নং ব্যটেলিয়ানৰ জি কোম্পানীৰ উদ্যোগত চান্দশ্ৰীকোনা বিঅপিৰ আধীনৰ সীমান্তৰ শেখৰবন্দ গাঁৱৰ পৰা ২২ হাজাৰ নীচাজাতীয় ইয়াবা টেবল
ইয়াবা টেবলেট সহ বাংলাদেশী নাগৰিক আটক


শ্ৰীভুমি, ১৬ অক্টোবৰ (হি.স.)। শ্ৰীভূমিত সীমান্ত সুৰক্ষা বাহিনীৰ চোৰাং চোৱা বিভাগৰ খবৰৰ ভিত্তিত সীমান্ত সুৰক্ষা বাহিনীৰ ১৬ নং ব্যটেলিয়ানৰ জি কোম্পানীৰ উদ্যোগত চান্দশ্ৰীকোনা বিঅপিৰ আধীনৰ সীমান্তৰ শেখৰবন্দ গাঁৱৰ পৰা ২২ হাজাৰ নীচাজাতীয় ইয়াবা টেবলেট সহ এক বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হৈছে।

প্ৰাপ্ত তথ্যমতে, বি এছ এফৰ ১৬ নং ব্যটেলিয়ানৰ চান্দশ্ৰীকোনা বিঅপিৰ কৰ্তব্যৰত জোৱনে সন্দেহজনক ব্যক্তিক সীমান্তৰ পথত চলাফুৰা কৰি থকা দেখা পায়। কনিষ্টবল দিলীপ কুমাৰৰ দৃষ্টি গোচৰ হোৱাত তেওঁ লগে লগে সতীৰ্থ সকল মোবাইল ফোন যোগে খবৰ দিয়ে। খবৰ দিয়া হয় কৰিমগঞ্জ সদৰ আৰক্ষীক। সকলো উপস্থিত হৈ এজন লোকক কৰায়ত্ব কৰি তালাচি চলাই উদ্ধাৰ কৰে ২২ হাজাৰ নীচাজাতীয় ইয়াবা টেবলেট । জব্দ কৰা টেবলেট খিনিৰ বজাৰ মূল্য প্ৰায় দুই কোটি ২২ লাখ টকা।

ইপিনে আটক কৰা চোৰাং সৰবৰাহ কাৰীক সোধ পোছ চলাই জানিব পাৰে যে ব্যক্তি জন বাংলাদেশৰ। বাংলাদেশৰ পৰা অবৈধ ভাবে সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰিছিল ইয়াবা টেবলেট নিয়াৰ বাবে। এই খবৰ সীমান্ত সুৰক্ষা বাহিনীৰ চোৰাং চোৱা বিভাগে পূৰ্বে লাভ কৰিছিল। আৰু কৰ্তব্যৰত জোৱান সকলক সতৰ্ক কৰি ৰাখিছিল। ফলত বাংলাদেশী ড্ৰাগছ সৰবৰাহ কাৰী গৰাকী জালত পৰে। আটক কৰা বাংলাদেশী ড্ৰাগছ সৰবৰাহ কাৰীৰ নাম হ'ল ছেলিম আহমেদ (৪৮)। ঘৰ বাংলাদেশৰ জকিগঞ্জ উপজিলাৰ কাপনা গাঁৱত। ইপিনে সদৰ আৰক্ষী উপস্থিত হৈ বাংলাদেশী ছেলিম আহমেদক আটক কৰি কৰিমগঞ্জ সদৰ থানালৈ লৈ যায়।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande