ধুবুৰী, ১৬ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ ছাগলীয়াত চলি আহিছে ব্ৰয়লাৰ মুৰ্গীৰ বৃহৎ ছিণ্ডিকেট। কোকৰাঝাৰ জিলাৰ শিমুলটাপুৰৰ হাফিজুৰ আৰু গোঁসাইগাঁৱৰ আছিন মণ্ডলৰ নেতৃত্বত চলে এই ছিণ্ডিকেট। ছাগলীয়াৰ উত্তম, ছোটু আৰু ৰতিয়াদহৰ কমল ৰায়ে ছাগলীয়াৰ ব্ৰয়লাৰ ছিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড। আছিন মণ্ডলৰ 70025 47387 বিশেষ হোৱাটচ এপ যোগে ছাগলীয়া আৰক্ষী চকী, বগৰীবাৰী থানাৰ লগতে ছোটু, উত্তম আৰু কমলৰ হোৱাটচ এপত এন্ট্ৰি হয় বাহনৰ নম্বৰ। ধুবুৰী জিলাৰ ভিতৰত যোৱা ব্ৰয়লাৰ ভৰ্তি বাহনে ছিণ্ডিকেট বাহিনীক দিব লাগে চল্লিশ হাজাৰ টকা।
ধুবুৰী জিলাৰ বাহিৰৰ জিলাত ব্ৰয়লাৰ ভৰ্তি বাহন প্ৰৱেশ কৰিলে ছিণ্ডিকেট বাহিনীক দিব লাগে পঞ্চাশ হাজাৰকৈ টকা। ছিণ্ডিকেট বাহিনীক টকা নিদিলে ব্ৰয়লাৰ ভৰ্তি বহি:ৰাজ্যৰ বাহন প্ৰৱেশ কৰিব নোৱাৰে ছাগলীয়াত। গোঁসাইগাওঁ আৰু শিমুলটাপুৰত ৰিমোট লৈ বহি থাকে হাফিজুৰ আৰু আছিন মণ্ডলে। প্ৰতিদিনে প্ৰায় ২০ ৰ পৰা ৩০ খন বলেৰো পিক আপ ভেন পশ্চিমবংগৰ পৰা ব্ৰয়লাৰ ভৰ্তি কৰি ছাগলীয়া হৈ অসমৰ বিভিন্ন প্ৰান্তত যায়। চিণ্ডিকেট বাহিনীৰ কাৰণে হুৰা হুৰকৈ অসমত বৃদ্ধি পাইছে ব্ৰয়লাৰ কুকুৰাৰ দাম। বাৰে বাৰে শুন্য সহনশীলতা কোৱা অসম চৰকাৰে ছিণ্ডিকেট চক্ৰক বন্ধ কৰাত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। দিছপুৰৰ পৰা ধুবুৰীলৈ ডাঙৰ ডাঙৰ আমোলা বিষয়াই এই ছিণ্ডিকেটৰ লগত জড়িত থকাৰো অভিযোগ উত্থাপিত হৈ আহিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ